অসম লাইভ ২৪ঃ ঐতিহাসিক কাৰ্গিল যুদ্ধৰ চহিদৰ সোঁৱৰণত কাৰ্গিল বিজয় দিৱস উদযাপন কৰে ভাৰতীয় সেনাই। চহিদৰ সোঁৱৰণত লাডাখত ৫৫৯ গছি বন্তি জ্বলালে ভাৰতীয় সেনাই। অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ২২ বছৰ পূৰ্বে কাৰ্গিল যুদ্ধৰ জয়ৰ সাক্ষী হৈছিল সমগ্ৰ দেশ। ১৯৯৯ চনৰ ২৬ জুলাইত জম্মু-কাশ্মীৰৰ কাৰ্গিলত পাকিস্তানৰ বিৰুদ্ধে যুঁজি জয়ী হৈছিল ভাৰতীয় সেনা। মে’ৰ পৰা জুলাইলৈকে চলিছিল এই যুদ্ধ। যুদ্ধত চহিদ হৈছিল ৫২৭ গৰাকী ভাৰতীয় সেনা। ভাৰতীয় সেনাই শত্ৰুপক্ষৰ বিৰুদ্ধে চলোৱা এই অভিযানৰ নাম দিছিল ‘অপাৰেচন বিজয়’। দেশমাতৃৰ বাবে যুঁজি কাৰ্গিল যুদ্ধত চহিদ হৈছিল অসম সন্তান কেপ্তেইন জিণ্টু গগৈ। সমগ্ৰ দেশৰ লগতে অসমবাসীয়েও আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিণ্টু গগৈৰ লগতে ৫২৭ গৰাকী চহিদক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ