অসম লাইভ ২৪ঃ আজি ভাৰতীয় সংগীত জগতৰ লয় ৰুদ্ধ, সুৰ মৌন আৰু ভাৱ শূণ্য৷ আজি চিৰনিদ্ৰাত মগ্ন ভাৰতীয় সংগীত জগতৰ এক নক্ষত্ৰ৷ কথক সম্ৰাট পণ্ডিত বিৰ্জু মহাৰাজৰ দেহাৱসান৷ দেওবাৰে নিশা দিল্লীৰ বাসভৱনত মৃত্যু হয় নৃত্য শিল্পীগৰাকীৰ৷ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ ৮৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কথক কিংবদন্তী বিৰ্জু মহাৰাজে৷ নৃত্যশিল্পীৰ উপৰি এগৰাকী কৰিঅ’গ্ৰাফাৰ, কণ্ঠশিল্পী হিচাপেও সমানেই জনপ্ৰিয় আছিল কিংবদন্তী শিল্পীগৰাকী৷ তেওঁ একাধাৰে নৃত্যশিল্পী, কৰিঅ’গ্ৰাফাৰ, কণ্ঠশিল্পী, কম্প’জাৰ, বাদ্যযন্ত্ৰী, কবি আৰু চিত্ৰকৰ আছিল৷ প্ৰতিটো কলাতেই সমানে পাৰ্গত আছিল শিল্পীগৰাকী৷ জীৱন কালত বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল বিৰ্জু মহাৰাজ৷ ১৯৮৩ চনত পদ্ম বিভূষণ সন্মানেৰে সন্মানিত হৈছিল বিৰ্জু মহাৰাজ৷ সংগীত নাটক একাডেমী, কালিদাস সন্মানেৰে বিভূষিত বিৰ্জু মহাৰাজে ২০১২ চনত বিশ্বৰূপন ছবিৰ নৃত্য পৰিচালনাৰ বাবে ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছিল৷ বলীউডৰ বহুকেইখন বোলছবিৰ নৃত্য পৰিচালক আছিল শিল্পীগৰাকী৷ তেখেতৰ মৃত্যুত আজি স্তব্ধ ভাৰতীয় সংগীত জগত৷ শোকস্তব্ধ অনুৰাগী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ