অসম লাইভ ২৪ঃ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল আৰু বান্দৰডুবি অঞ্চল৷ বিগত ১ অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু বাগৰি বনাঞ্চল মুকলি কৰাৰ পাছত আজি উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চল আৰু বান্দৰডুবি অঞ্চল পৰ্যটকৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়। এই মুকলি অনুষ্ঠানত ৰাষ্ট্ৰীয় উদ্যান খনৰ সঞ্চালক পি শিৱকুমাৰ, কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ দাসৰ লগতে বনবিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। বুঢ়াপাহাৰ বনাঞ্চলত জিপ চাফাৰী, হাতী চাফাৰীৰ লগতে ট্ৰেকিং আৰু ব’টিঙৰো সুবিধা লাভ কৰিব পৰ্যটকসকলে। ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়া মতে এই পর্যন্ত ৰাষ্ট্ৰীয় উদ্যান খন ১৫, হাজাৰ লোকে দৰ্শন কৰিছে আৰু ৰাজহ হিচাপে উদ্যান কৰ্তৃপক্ষই লাভ কৰিছে প্ৰায় ১৫ লাখ টকা। অচিৰেই মুকলি কৰা হ’ব উদ্যানখনৰ আগৰাতলি বনাঞ্চল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ