অসম লাইভ ২৪ঃ পৰ্যটকৰ বাবে ১ অক্টোবৰৰ পৰা মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ দুটাকৈ বনাঞ্চল মুকলি কৰিব ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। মুখ্যমন্ত্ৰীৰ ঘোষনাৰ পিছতে তৎপৰ হৈ পৰিছে কাজিৰঙাৰ বন বিভাগ। ভদীয়া বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কিছু কিছু অঞ্চলত বৰ্তমানেও বান পৰিস্থিতি উন্নত হৈ নুঠাৰ বাবে বৰ্তমান দুটা বনাঞ্চল মুকলি কৰাৰ সিদ্ধান্ত উদ্যান কৰ্তৃপক্ষৰ। পহিলা অক্টোৰত কাজিৰঙাৰ কঁহৰা আৰু বাগৰি বনাঞ্চল মুকলি কৰাৰ লগতে ১৫ অক্টোবৰৰ পৰা অগৰাতলি আৰু বুঢ়াপাহাৰ বনাঞ্চল মুকলি কৰা কথা উল্লেখ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে।
উল্লেখযোগ্য যে বৰ্তমান অক্টোবৰ মাহৰ পৰাই পৰ্যটকে জীপ চাফাৰীৰ যোগেদি উদ্যান দৰ্শন কৰিব পাৰিব। পৰ্যটকৰ বাবে নাথাকিব কোভিড প্ৰট’কল। ইফালে, পৰ্যটন ক্ষেত্ৰ সমূহ খুলি দিয়াৰ পিছত উৎফুলিত হৈ পৰিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগটোৰ সৈতে জড়িত জিপ চাফাৰী এছচিয়েছন। আনহাতে জিপ চাফাৰী মুকলি কৰিলেও পৰ্যটকে হাতী চাফাৰী কৰিব নোৱাৰিব। চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰাহে হাতী চাফাৰী ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ