অসম লাইভ ২৪ঃ নতুন চিজনৰ সৈতে আজিৰে পৰা পুনৰ আৰম্ভ হ’ব জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা কৰৌৰপতি’ৰ ৰোমাঞ্চিত অধ্যায়৷ চিজন-১৩ৰ আজিৰ খণ্ডত শ্ব’ৰ হ’ষ্ট তথা বলীউড মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে থাকিব সিদ্বাৰ্থ বসু৷ আলোচনা কৰিব জনপ্ৰিয় শ্ব’টোৰ সুন্দৰ তথা উৎকৃষ্ট প্ৰদৰ্শন সন্দৰ্ভত৷ সিদ্বাৰ্থ বসুৰ সৈতে ৰেপিড ফায়াৰ ৰাউণ্ডত অংশ ল’ব অমিতাভ বচ্চনে৷ ২১ বৰ্ষ গৰকা জনপ্ৰিয় গেম শ্ব’ৰ আঁৰৰ কাহিনী সন্দৰ্ভতো আলোচনা কৰিব দুয়োগৰাকী তাৰকাই৷ বিগত বৰ্ষত ক’ৰোনা মহামাৰীৰ বাবে ষ্টুডিঅ’ত দৰ্শকৰ উপস্থতিতি বাধা নিষেধ আৰোপ কৰিছিল নিৰ্মাতাই৷ কিন্তু চলিত বৰ্ষত কঠোৰ কোভিড বিধি, সামাজিক দূৰত্ব, প্ৰতিগৰাকী দৰ্শকক ৰেপিড এণ্টিজেণ্ট টেষ্টৰ পাছত ষ্টুডিঅ’ত উপস্থিত থকাৰ সিদ্ধান্ত লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















