‘মোৰ অবিহনে প্ৰেমিকা অকলশৰীয়া হৈ পৰিব, সেয়ে’, দেশজুৰি তোলপাৰ লগোৱা এক ঘটনা
কেৰেলাত সংঘটিত হোৱা এক ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন যুৱকে প্ৰেমিকাৰ লগতে শেষ কৰি দিয়ে নিজৰেই পৰিয়াল।
গণহত্যাৰ গোচৰৰ অভিযুক্ত ২৩ বছৰীয়া আফান নামৰ যুৱকগাৰকীয়ে আৰক্ষীক দিয়া বিবৃতিত কয় যে তেওঁৰ অবিহনে প্ৰেমিকাই অকলে থাকিব নোৱাৰিব কাৰণেই হত্যা কৰিছিল, লগতে হত্যা কৰিছিল অন্য ৪ জন মুঠ ৫ জনক। নিজৰেই আইতাক, ভায়েক, খুৰাক আৰু খুৰীয়েকক হত্যা কৰে আফানে।
হত্যাকাণ্ডৰ পিছত অভিযুক্ত আফানে নিজেই ভেঞ্জাৰমুডু থানালৈ গৈ আত্মসমৰ্পণ কৰে। কেৱল আত্মসমৰ্পণেই নহয়, ইয়াৰ পিছত আফানে বিষ সেৱন কৰি নিজকে শেষ কৰি দিয়াৰো চেষ্টা চলায়।
অৱশ্যে বিষ পানৰ পিছতে আফানক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। আৰক্ষীৰ মতে, আফানৰ অৱস্থা বৰ্তমানে সুস্থিৰ আৰু জেৰাৰ অন্তত তেওঁক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে।
আৰক্ষীয়ে সদৰি কৰা অনুসৰি এই হত্যাকাণ্ডৰ আঁৰত আৰ্থিক বাধা ডাঙৰ কাৰণ হ’ব পাৰে। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্তই ১৪ গৰাকী লোকৰ পৰা প্ৰায় ৬৫ লাখ টকাৰ ঋণ লৈছিল। কিন্তু পৰিশোধ কৰিব পৰা নাছিল।
সেয়ে উপায়বিহীন হৈ প্ৰথম অৱস্থাত মাক আৰু ভাতৃৰ সৈতে আত্মহত্যাৰ পৰিকল্পনা কৰিছিল , সেই উদ্দেশ্যেই ২৪ ফেব্ৰুৱাৰীত ৮৮ বছৰীয়া আইতাক, ১৩ বছৰীয়া ভাতৃ, প্ৰেমিকা, খুৰাক আৰু খুৰীয়েকক হত্যা কৰিছিল। পিছত নিজকো শেষ কৰি দিয়াৰ চেষ্টা চলাইছিল।
কিন্তু আফানৰ পিতৃৰ ভাষ্য অনুসৰি, কোনো ধৰণৰ আৰ্থিক সংকট নাছিল। আৰ্থিক সংকটৰ কথা অস্বীকাৰ কৰে পৰিয়ালটোৱে। সেয়ে আৰক্ষীয়ে গভীৰ তদন্ত কৰি আছে।
হত্যাকাণ্ডৰ পিছত আফানে নিজৰ মাতৃকো আক্ৰমণ কৰিছিল, অৱশ্যে মাতৃ কোনোমতে ৰক্ষা পৰে, বৰ্তমানে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে মাতৃ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ