বহু প্ৰত্যাশিত ADREৰ ফলাফল প্ৰকাশ পাব চলিত সপ্তাহতে, মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভযোগে ঘোষণা
ৰাজ্যজুৰি ৩০ লাখৰো অধিক পৰীক্ষাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই ৰোৱা ADREৰ ফলাফল ঘোষণাৰ দিন সদৰি। চলিত সপ্তাহতে প্ৰকাশ পাব পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাভ যোগে সদৰি কৰে এই বিষয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ঘোষণা কৰিলে ফলাফলৰ দিন। দেওবাৰে ফেচবুক লাইভযোগে অপেক্ষাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীয়ে লগতে ৰাজহুৱা কৰিলে আন কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন।
ADREৰ ফলাফল ৭মাৰ্চ শুকুৰবাৰে ঘোষণা কৰা কৰা হ’ব। এটা পদৰ বিপৰীতে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ’ব। তাৰ পাছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব। একে নম্বৰ বহু পৰীক্ষাৰ্থীয়ে পালেও উত্তীৰ্ণ হ’ব।
অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল ৪ মাৰ্চত ঘোষণা কৰা হ’ব। অসম আৰক্ষীৰ ফলাফল ৬মাৰ্চত ঘোষণা কৰা হ’ব। কনিষ্টবল AB আৰু UBৰ ফলাফল ১২ মাৰ্চত ঘোষণা কৰা হ’ব। কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল ২৭ মাৰ্চত ঘোষণা কৰা হ’ব। আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ৩০ এপ্ৰিলত ঘোষণা কৰা হ’ব।
এই বছৰৰ শেষৰফালে আকৌ ADRE পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ