ছুটকেচত উদ্ধাৰ হোৱা কংগ্ৰেছ কৰ্মী হিমানীৰ ঘটনাৰ এজন আটক, খোল খালে বহু ৰহস্য
কংগ্ৰেছ কৰ্মী হিমানী নৰৱাল হত্যাকাণ্ডৰ এজন অভিযুক্তক আটক কৰিছে বিশেষ তদন্তকাৰী দলে। জেৰাৰ সময়ত অভিযুক্তই নিজকে হিমানীৰ প্ৰেমিক বুলি অভিহিত কৰিছে। অভিযুক্তৰ মতে, হত্যাকাণ্ডটো হিমানীৰ ঘৰতে সংঘটিত হৈছে।
হত্যাকাণ্ডৰ পিছত হিমানীৰ মৃতদেহটো এটা ছুটকেছত ভৰাই দিয়া হৈছিল। অভিযুক্তৰ দাবীৰ তদন্ত এতিয়াও অব্যাহত আছে আৰক্ষীয়ে।
উল্লেখ্য যে, শনিবাৰে ৰোহটক জিলাৰ এটা ছুটকেছৰ ভিতৰত কিছু আঘাতৰ চিন থকা হিমানীৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই হত্যাকাণ্ডৰ তদন্তৰ বাবে দেওবাৰে হাৰিয়ানা আৰক্ষীয়ে এছ আই টি গঠন কৰিছিল।
আনহাতে, হিমানী নৰৱালৰ পৰিয়ালে হিমীনৰ মৃতদেহ দাহ কৰিবলৈ অস্বীকাৰ কৰি দাবী কৰিছিল যে হত্যাকাৰীক গ্ৰেপ্তাৰ নোহোৱালৈকে মৃতদেহ দাহ নকৰে। কম সময়ৰ ভিতৰতে নৰৱালৰ ৰাজনৈতিক উত্থানৰ বাবে কংগ্ৰেছৰ একাংশ নেতাই নৰৱালৰ প্ৰতি ঈৰ্ষা কৰা বুলিও অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে।
হাৰিয়ানা কংগ্ৰেছ ইউনিটৰ নেতাসকলে নৰৱালক এগৰাকী সক্ৰিয় আৰু নিষ্ঠাবান কৰ্মী বুলি অভিহিত কৰে যিয়ে ৰাহুল গান্ধীৰ নেতৃত্বত অনুষ্ঠিত ‘ভাৰত জোডো’ যাত্ৰাতো অংশগ্ৰহণ কৰিছিল। প্ৰায় ১ টা দশক ধৰি কংগ্ৰেছৰ সৈতে জড়িত আছিল হিমানী নাৰৱাল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ