অতিকে ভয়ংকৰ, পাহাৰ খহি শ শ লোক আৱদ্ধ, বৰ্তমানলৈ ৫ নিহত
ৰাহুল গান্ধীৰ পূৰ্বৰ সমষ্টি কেৰালাৰ ৱায়ানাড জিলাত আজি ৩০ জুলাই মঙলবাৰে পুৱাই সংঘটিত হৈছে এক অতিকে শোকাৱহ ঘটনা। এখন পাহাৰৰ এক বৃহৎ অংশ খহি আহি শ শ লোক আৱদ্ধ হৈ পৰে।
ৱায়নাডৰ মেপ্পাডিৰ সমীপৰ কেইবাটাও পাহাৰীয়া অঞ্চলত মঙলবাৰে পুৱাৰ ভাগত এই ভূমিস্খলন সংঘটিত হয়। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি মুণ্ডকাই আৰু চুৰালমালাত দুটাকৈ বৃহৎ ভূমিস্খলন সংঘটিত হৈছে।
চুৰালমালা চহৰৰ শ শ ঘৰ, বাহন আৰু দোকান আদিয়ো সেই খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ পৰে। বৰ্তমানলৈ উদ্ধাৰ হোৱাৰ ভিতৰত ৫ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শ শ লোক বৰ্তমানেও আৱদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
থিতাতে নিয়োজিত উদ্ধাৰকাৰী দলটোৱে জনোৱা মতে, নেৰানেপেৰা বৰষুণৰ বাবে উদ্ধাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে, যাৰ বাবে মৃত্যুৰ সংখ্যাও অধিক বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।
কেৰেলা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ক্ষতিগ্ৰস্ত অঞ্চলত অগ্নিনিৰ্বাপক বাহিনী আৰু এন ডি আৰ এফৰ দল মোতায়েন কৰা হৈছে, লগতে অতিৰিক্ত এন ডি আৰ এফৰ দল কান্নুৰলৈ প্ৰেৰণ কৰা হৈছে বুলি কে এছ ডি এম এয়ে ফেচবুকত প্ৰকাশ কৰা এক পোষ্টত প্ৰকাশ পাইছে উদ্ধাৰ প্ৰচেষ্টাত সহায় কৰিবলৈ ৱায়ানাডলৈও নিৰ্দেশ দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















