জ্যোতিষ শাস্ত্ৰত কেতুৰ বিশেষ গুৰুত্ব আছে৷ এই গ্ৰহক ছায়া গ্ৰহ বুলি কোৱা হয়৷ আৰু এই গ্ৰহই ২ আগষ্ট ২০২৬ দেওবাৰে নিশা ১২ বাজি ৮ মিনিটত মঘা নক্ষত্ৰৰ দ্বিতীয় পদত প্ৰৱেশ কৰিব৷ এই পদত কেতু ৩ অক্টোবৰ ২০২৬ পৰ্যন্ত থাকিব৷ যাৰ ফলত কিছু ৰাশিৰ জীৱনলা আহিব সুসময়৷
মঘা নক্ষত্ৰৰ দ্বিতীয় পদত শুক্ৰ গ্ৰহ আছে৷ এই পৰিস্থিতিত ৪ ৰাশিৰ জাতকে কেতু আৰু শুক্ৰৰ এই বিশেষ নক্ষত্ৰ গোচৰত শুভ সময় কটাব৷ কোন ৪ ৰাশিৰ জাতকে বিশেষ শুভ ফল লাভ কৰিব?
বৃষ ৰাশি
এই নক্ষত্ৰত গোচৰে জীৱনলৈ গুড টাৰ্ণ আনি দিব বৃষ ৰাশিৰ জাতকক৷ আপোনাৰ প্ৰমোছন হব৷ চাকৰিত উচ্চতা লাভ কৰিব৷ সহকৰ্মীৰ পৰা সন্মান লাভ কৰিব৷ কেৱল সেয়াই নহয় এই সময়ত আয়ো বৃদ্ধি পাব পাৰে৷ বহু দিন ধৰি ৰৈ থকা কাম এই সময়ত শেষ কৰিব পাৰিব৷ সুখ আৰু সুবিধা পাব৷ ভাগ্য সলনি হ’ব৷ শাৰীৰিক সমস্যাও এই সময় দূৰ হব৷
সিংহ ৰাশি
এই ৰাশিৰ জাতকৰ বাবে কেতুৰ নক্ষত্ৰ পৰিবৰ্তনে ভাল প্ৰভাৱ আনিব৷ টকা ইনকাম কৰাৰ পথত থকা বাধা দূৰ হব৷ বাঢ়িব বেংক বেলেন্স৷ ই এম আইৰ সমস্যা দূৰ হব৷ এই সময়ত সমাজত আপোনাৰ মৰ্যাদা বাঢ়িব৷ কেৰিয়াৰত স্থিতি আহিব৷ পৰিয়ালৰ সংগ পাব৷
ধনু ৰাশি
কেতুৰ মঘা নক্ষত্ৰত প্ৰৱেশে ইতিবাচক সাল সলনি আনিব ধনু ৰাশিৰ জীৱনত৷ টকাপইছাৰ সমস্যা এইবাৰ শেষ হব৷ কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷ কেৱল সেয়াই নহয় এই সময়ত ব্যৱসায়ত লাভ হব৷ প্ৰেমৰ সম্পৰ্ক আৰু ভাল হব৷ কাটি যাব সকলো ভুল বুজাবুজি৷ গল্ডেন টাইম কটোৱাৰ বাবে সাজু হওক৷
মকৰ ৰাশি
এই ৰাশিৰ জাতকৰ বাবেও এই গোচৰ খুবেই ভাল৷ পৰিশ্ৰমৰ ফল পাব৷ টকা ইনকামৰ নতুন পথ সন্মুখত খুলিব৷ এই গোচৰৰ প্ৰভাৱত বিদেশ যাত্ৰা কৰিব পাৰে৷ পৰিয়ালৰ সৈতে সুসময় কটাব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















