• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

7 months ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

1 hour ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

1 hour ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

2 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

2 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

3 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

5 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

6 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

6 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

7 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

8 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

9 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক

editor by editor
December 30, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
তিনিবাৰ তেওঁ প্ৰধানমন্ত্ৰী হৈছিল, তাৰপিছতেই ১৭ বছৰ জে’ল, উভতি চাওঁ আহক খালেদা জিয়াৰ সংঘাতপূৰ্ণ জীৱনক
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চিকিৎসকৰ সমস্ত চেষ্টা ব্যৰ্থ৷ প্ৰয়াত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপিৰ চেয়াৰপাৰ্ছন খালেদা জিয়া৷ আজি অৰ্থাৎ মঙলবাৰে শেষনিশ্বাস ত্যাগ কৰিছে খালেদা জিয়াই৷ ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত ভৰ্তি হৈ আছিল খালেদা জিয়া৷ তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁৰ কাষত আছিল খালেদা পুত্ৰ তাৰেক ৰহমান আৰু পৰিয়ালৰ অন্যান্য সদস্যসকল৷  তেওঁৰ মৃত্যুত শোকৰ ছায়া নামিছে বাংলাদেশত৷ শোকস্তব্ধ পৰিবেশত আৰু এবাৰ খালেদা জিয়াৰ জীৱন যাত্ৰা সম্পৰ্কে জানিবলৈ আগ্ৰহী হৈ উঠিছে বহুজন৷

খালেদা জিয়াৰ শিশুকাল

আজি যি খালেদা জিয়াক আপুনি মই চিনি পাওঁ সৰুতে তেওঁৰ নাম আছিল খালেদা খানম পুতুল৷ তেওঁ ১৯৪৫ চনৰ ১৫ আগষ্টত জন্মগ্ৰহণ কৰিছিল দিনাজপুৰ চহৰৰ মুদিপাৰা এলেকাত৷ তেওঁৰ পিতৃ জোনাব ইস্কান্দৰ মজুমদাৰ আৰু মাতৃ বেগম তৈয়বা মজুমদাৰ৷ তেওঁ তিনিগৰাকী ভনীয়েক আৰু দুজন ভাতৃ আছে৷ জনাব ইস্কান্দৰ মজুমদাৰ আছিল এজন ব্যৱসায়ী৷

খালেদাই সৰুকালত মিছন স্কুলত পঢ়াশুনা কৰিছিল৷ ৫ বছৰত সেই বিদ্যালয়ত ভৰ্তি হৈছিল খালেদা৷ ইয়াৰ পাছতেই দিনাজপুৰ চৰকাৰী বালিকা উচ্চ বিদ্যালয়ৰ পৰা পাছ কৰে ১৯৬০ চনত৷ সেই বছৰতেই তেওঁৰ বিয়া হয় জিয়াউৰ ৰহমানৰ সৈতে৷ তেতিয়াই তেওঁৰ নাম হয় খালেদা জিয়া বা বেগম খালেদা জিয়া৷ তেওঁৰ স্বামী জিয়াউৰ ৰহমান আছিল পাকিস্তান সেনাবাহিনীৰ এজন কেপ্টেইন৷ পৰবৰ্তী সময়ত তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰপতি হয়৷

ৰাজনীতিত প্ৰৱেশ

১৯৮১ চনত খালেদাৰ জীৱনলৈ এক কঠিন সময় আহে৷ সেই বছৰৰ ৩০ মেত সামৰিক অভ্যুত্থানত প্ৰাণ হেৰুৱাই জিয়াউৰ ৰহমানে৷ ইয়াৰপাছতেই খালেদাৰ ৰাজনীতিত প্ৰৱেশ৷ তেওঁ ১৯৮২ চনত বিএনপিত যোগ দিয়ে৷ ১৯৮৪ চনৰ ১০ মেত দলৰ চেয়াৰপাৰ্ছন হিচাপে তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়৷ ইয়াৰপাছতেই তেওঁৰ জীৱনে নতুন মোৰ লয়৷

১৯৯১ চনত প্ৰথমবাৰ প্ৰধানমন্ত্ৰী

চন ১৯৯১৷ সেই বছৰেই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈ প্ৰধানমন্ত্ৰী হয় খালেদা জিয়া৷ তাৰপিছতেই আকৌ ১৯৯৬ চনত তেওঁৰ মূৰত পৰে আন এক গধুৰ দায়িত্ব৷ তেতিয়াই ৰাজনৈতিক চাপত পৰি তেওঁ প্ৰধানমন্ত্ৰী পদ এৰিবলৈ বাধ্য হয়৷ ইয়াৰপাছতেই আকৌ ২০০১ চনত তেওঁ প্ৰধানমন্ত্ৰী হয়৷ ২০০৬ চন পৰ্যন্ত তেওঁ সেই দায়িত্বত আছিল৷

২০০৭ চনৰ পৰা খালেদা জিয়াৰ জীৱনত নামি আহে অন্ধকাৰ৷ সেই সময়ত তেওঁৰ বিৰুদ্ধে একাধিক গোচৰো তৰা হয়৷ ১ ছেপ্টেম্বৰ ২০০৭ চনত তেওঁক দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয়৷ এই সময়ত তেওঁ এবছৰতকৈ বেছি সময় ধৰি কাৰাগাৰত আছিল৷ ২০০৮ চনৰ ছেপ্টেম্বৰত আদালতৰ নিৰ্দেশত জামিনত মুক্তি পায়৷ কেৱল সেয়াই নহয় ২০১৮ চনত জিয়া আৰফানেজ ট্ৰাষ্ট দুৰ্নীতি গোচৰ আৰু জিয়া চেৰিটেবল ট্ৰাষ্ট দুৰ্নীতি গোচৰৰ মামলাত জিয়াক মুঠ ১৭ বছৰৰ কাৰাদণ্ড দিয়া হয়৷ ২০১৯ চনৰ এপ্ৰিলৰ পৰাই স্বাস্থ্যৰ অৱনতি হয় তেওঁৰ৷ সেই সময়ত তেওঁক চিকিৎসাৰ বাবে হাস্পতাললৈ স্থানান্তৰ কৰা হয়৷ ২০২০ চনৰ মাৰ্চত মানৱিক কাৰণত তেওঁক ছমাহৰ বাবে গৃহবন্দী কৰি মুক্তি দিয়া হয়৷

আকৌ জুলাই অভ্যুত্থানৰ পাছত খেল সলনি হয়৷ এই সময়ত হাছিনা ক্ষমতাচ্যুত হয়৷ ইয়াৰপাছতেই নতুন চৰকাৰে খালেদাক সকলো গোচৰৰ পৰা মুক্তি দিয়ে৷ মুক্তি লাভ কৰি নতুনকগৈ যুঁজ দিয়াৰ বাবে সাজুও হৈছিল খালেদা জিয়া৷ কিন্তু তেওঁৰ সেই ইচ্ছা পূৰণ নহ’ল৷ শেষত ৮০ বছৰ বয়সত আজি শেষনিশ্বাস ত্যাগ কৰে খালেদা জিয়াই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ
বিনোদন

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
২০২৬ চনৰ আৰম্ভণিতেই নক্ষত্ৰ সলনি কৰিব শনিয়ে, শনিৰ আশীৰ্বাদত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

২০২৬ চনৰ আৰম্ভণিতেই নক্ষত্ৰ সলনি কৰিব শনিয়ে, শনিৰ আশীৰ্বাদত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ

শাহুৱেক হ’ল প্ৰিয়ংকা গান্ধী! দীৰ্ঘদিনীয়া প্ৰেমিকাৰ সৈতে বাগদান সম্পূৰ্ণ প্ৰিয়ংকা তনয় ৰেহানৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.