বিদেশী টিভি অনুষ্ঠান চোৱাৰ অপৰাধত ৩০ ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড কিম জং উনৰ
উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন কিমান ভয়ংকৰ তথা বিপজ্জনক সেই কথা সমগ্ৰ বিশ্বই জানিবলৈ লৈছে। তেওঁৰ নিয়ম নীতি সদায় শিৰোনামত থাকে। উত্তৰ কোৰিয়াত চুলি কটাৰ পৰা আৰম্ভ কৰি খোৱা-বোৱা, টিভি চোৱালৈকে সকলোৰে নিয়ম আছে।
যিয়ে সেই নিয়মৰ বাহিৰত কাম কৰাৰ সাহস কৰে সেই ব্যক্তিৰ বাবে মৃত্যুদণ্ড পোৱাটো ডাঙৰ কথা নহয়। একেধৰণৰ এটা গোচৰ পুনৰ পোহৰলৈ আহিছে য’ত দাবী কৰা হৈছে যে বিদেশী টিভি ধাৰাবাহিক চোৱাৰ বাবেই ৩০ গৰাকী ছাত্ৰ-ছাত্ৰীক মৃত্যুদণ্ড দিছে।
২০২৪ চনৰ আৰম্ভণিতে কিম জঙে দক্ষিণ কোৰিয়াক নিজৰ এক নম্বৰ শত্ৰু দেশ হিচাপে ঘোষণা কৰিছিল। যাৰ পাছৰে পৰা উত্তৰ কোৰিয়াত দক্ষিণ কোৰিয়াৰ গীত শুনা আৰু চিনেমা চোৱাটো অপৰাধৰ শ্ৰেণীত পৰে। দক্ষিণ কোৰিয়াৰ টিভি ধাৰাবাহিক উত্তৰ কোৰিয়াত সম্প্ৰচাৰিত নহয়, তথাপিও কিছুমানে চোৰাংচোৱাই পেন ড্ৰাইভত আনি উত্তৰ কোৰিয়াৰ যুৱ-চামক ব্যয়বহুল দামত বিক্ৰী কৰে। কাৰণ উত্তৰ কোৰিয়াৰ যুৱচামে এই নাটক আৰু ধাৰাবাহিকবোৰ চাই ভাল পায়।
শেহতীয়াকৈ দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যম চ’ছুন টিভি আৰু কোৰিয়া জুংআং ডেইলীয়ে এক প্ৰতিবেদন প্ৰস্তুত কৰিছিল, য’ত দাবী কৰা হৈছিল যে উত্তৰ কোৰিয়াই দক্ষিণ কোৰিয়াৰ কে-ড্ৰামা চোৱাৰ বাবে ৩০ জন মধ্যবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শাস্তি প্ৰদান কৰিছে। বৰ্তমান দক্ষিণ কোৰিয়াৰ বিষয়াসকলে এই দাবীসমূহৰ সন্দৰ্ভত কোনো প্ৰত্যক্ষ মন্তব্য কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















