ছ’চিয়েল মিডিয়াত বিষাক্ত সাপৰ সৈতে বিপদজনকভাৱে খেলা কৰা ভিডিঅ’ প্ৰায়ে ভাইৰেল হৈ থাকে। বিশেষকৈ আটাইতকৈ বিপজ্জনক তথা বিষধৰ সাপ অৰ্থাৎ কিং ক’ব্ৰাৰ ভিডিঅ’বোৰ যথেষ্ট ভাইৰেল হয়।
সাধাৰণতে মানুহে কিং ক’ব্ৰাৰ নাম শুনিলেই ভয় খায়, আৰু হয়তো সেইবাবেই মানুহে কিং ক’ব্ৰাৰ ভিডিঅ’বোৰ চাইও বেছি ভাল পায়।
এতিয়া মৃত্যুদূত কিং ক’ব্ৰাৰ সৈতে খেলা কৰি থকা এটা নতুন ভিডিঅ’ ভাইৰেল হৈছে, য’ত দেখা গৈছে যে কিং ক’ব্ৰাই এজন যুৱকক দংশন কৰিছে৷ কিং ক’ব্ৰাই যুৱকজনক দংশন কৰাৰ পিছত তেওঁৰ কি হ’ল সেয়া আপুনি কল্পনাও কৰিব নোৱাৰে।
লগতে পঢ়ক চিনেমাৰ ষ্টাইলত পিষ্টল দেখুওৱাই ব্যৱসায়ীৰ পৰা লুটিলে ৬ লাখ টকা, চাওক ভিডিঅ’…
এই ঘটনাৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত আপুনি দেখিব যে এজন যুৱকে কিং ক’ব্ৰাই হাতৰ কিলাকুটিৰ ওচৰতে কামোৰিছে৷ যুৱকজনে হাতৰ কামুৰি থকা কোব্ৰাটো এৰুৱাবলৈ চেষ্টা কৰিছে যদি সফল হোৱা নাই৷ অন্য এজন যুৱকৰ সহযোগত কোব্ৰাটোৰ হাতেৰে পৃথক কৰিবলৈ চেষ্টা কৰিছে। অৱশেষত অন্য যুৱকজনৰ সহায়তে ক’ব্ৰাটোক হাতৰ পৰা পৃথক কৰিবলৈ সক্ষম হয়৷
এটা ক’ব্ৰাই কাৰোবাক দংশন কৰিলে আপুনি কি কৰিব? নিশ্চিতভাৱে তৎক্ষণাত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যাব৷ কিন্তু ভিডিঅ’টোত দেখা যায় যে ক’ব্ৰাই দংশন কৰাৰ যুৱকজনক চিকিৎসালয়লৈ লৈ যোৱাৰ পৰিৱৰ্তে অন্য এক দৃশ্যহে দেখা যায়৷
View this post on Instagram
লগতে পঢ়ক আনৰ পত্নীৰ সৈতে নিজ পত্নীক তুলনা আৰু ঠাট্টা-মস্কৰা কৰা বন্ধ কৰক স্বামীয়ে, নহ’লে?
ইয়াৰ পিছতে এজন ব্যক্তিয়ে তেওঁৰ মুখৰ পৰা ক’ব্ৰাৰ বিষ উলিয়াইছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰি থাকোঁতে @therealtarzann য়ে জনাইছে যে এইজন ব্যক্তিয়ে ক’ব্ৰা কামোৰাৰ পিছত চিকিৎসালয়লৈ যোৱা নাছিল আৰু তেওঁৰ জীৱনো ৰক্ষা পৰিছিল।
আৰু কোৱা হৈছে যে কিছুমান মানুহৰ আনৰ তুলনাত বিষ বহন কৰাৰ ক্ষমতা আছে। বিশেষকৈ ইয়াৰ বাবে নিম ব্যৱহাৰ কৰা হয়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ক্ষেত্ৰত আপুনি ভয়ত বিতত হোৱাতকৈ শান্ত আৰু অবিচলিত হৈ থকাৰহে প্ৰয়োজন৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ