কৰ’নাৰ পাছতেই দেশত এইবাৰ আহিছে আন এক নতুন ভাইৰাছ৷ এই নতুন ভাইৰাছৰ আক্ৰমণত বিগত পাঁচদিন মোদী ৰাজ্য গুজৰাটত মৃত্যু হৈছে ৬টাকৈ শিশুৰ৷ নতুন এই মাৰণ ভাইৰাছৰ ব্যাপক প্ৰকোপৰ আতংক এতিয়া বিয়পি পৰিছে সমগ্ৰ দেশত৷ ভাইৰেল খবৰ অনুসৰি গুজৰাটৰ সবৰকান্থা জিলাৰ এখন হাস্পতালত চান্দিপুৰা ভাইৰাছৰ সন্দেহ কৰি চাৰি অসুস্থ শিশুক ভৰ্তি কৰোৱা হৈছে হাস্পতালত৷ বিগত ২৭ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত এই ঘটনাৰ পৰিমাণ বৃদ্ধি পাইছে৷ ইয়াৰ মাজতেই আৰু ২টি শিশুৰ শৰীৰতো একেই লক্ষণে দেখা দিছে৷ মুঠ ৬টা শিশুৰ শৰীৰত এই লক্ষণ দেখা গৈছে বুলি জনাইছে গুজৰাটৰ স্বাস্থ্য মন্ত্ৰণালয়ে৷
চান্দিপুৰা ভাইৰাছ প্ৰথম দেখা গৈছিল মহাৰাষ্ট্ৰৰ চান্দিপুৰা গাওঁত৷ ১৯৬৫ চনত এই মাৰণ ভাইৰাছৰ প্ৰকোপত শতাধিক মানুহে মৃত্যুক সাবটি লৈছিল৷ বিজ্ঞানে কোৱা অনুসৰি Rhabdoviridae পৰিয়ালৰ সদস্য এই ভাইৰাছ সাধাৰণতে বিয়পে৷ এই মাৰণ ৰোগত বেছিভাগ শিশুৱেই আক্ৰান্ত হয়৷ গুজৰাটৰ ওপৰিও এই ৰোগ মধ্যপ্ৰদেশ, বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ আৰু মহাৰাষ্ট্ৰত আক্ৰান্তৰ খবৰ পোৱা গৈছে৷ ফলত দেশজুৰি চান্দিপুৰা ভাইৰাছৰ লক্ষণ আৰু নিয়ন্ত্ৰণক লৈ সতৰ্কতা জাৰি কৰা হৈছে৷
চান্দিপুৰা ভাইৰাছ কি?
১৯৬৫ চনত মহাৰাষ্ট্ৰৰ চান্দিপুৰা জিলাত প্ৰথমে এই ভাইৰাছৰ লক্ষণ ধৰা পৰিছে৷ চান্দিপুৰা গাওঁৰ পৰা আবিৰ্ভূত ভাইৰাছক সেয়ে চান্দিপুৰা ভাইৰাছ বুলি কোৱা হয়৷ মাৰাত্মক এই ভাইৰাছৰ প্ৰাথমিক লক্ষণ হৈছে তীব্ৰ জ্বৰ, কঁপনি জ্বৰ, ইনফ্লুয়েঞ্জাৰ দৰে উপসৰ্গই দেখা দিয়ে৷ ইয়াৰোপৰি এনছেফালাইটিছ বা মস্তিষ্কৰ প্ৰদাহ দেখা যায়৷ অলপ সময়ৰ মাজত তীব্ৰ জ্বৰ আহে আৰু যায়৷ তাৰপাছতেই আৰম্ভ হয় কঁপনি, ডায়েৰিয়া, বমি, মূৰৰ বিষৰ দৰে লক্ষণ৷ শিশুৰ মাজতো এই ভাইৰাছৰ প্ৰকোপ সাধাৰণতে বেছি দেখা যায়৷ এই লক্ষণ শিশুৰ মাজত দেখা দিয়ে দ্ৰুতভাৱে হাস্পতালত বা শিশু বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে স্বাস্থ্য দপ্তৰৰ অধিকাৰিসকলে৷
চান্দিপুৰা ভাইৰাছৰ প্ৰাথমিক লক্ষণ
চান্দিপুৰা ভাইৰাছৰ প্ৰাথমিক লক্ষণসমূহ হৈছে বমি বমি ভাৱ বা বমি কৰা৷ এই ভাইৰাছত আক্ৰান্ত হ’লে প্ৰাথমিকভাৱে বমি হয়৷ তাৰপিছত সঘনাই বমি হয়৷ তাৰপিছতেই আক্ৰান্ত ব্যক্তিৰ কঁপনি উঠে৷ সৰু শিশুৰ মাজত এই ভাইৰাছ সোনকালে বিয়পে৷ তীব্ৰ জ্বৰৰ ফলত শিশুটি অচেতনো হৈ পৰিব পাৰে৷ বহু সময়ত এই ভাইৰাছত আক্ৰান্ত হ’লে সঘনাই ৰোগীজন অজ্ঞান হৈ পৰে৷
এই ভাইৰাছৰ পৰা শিশুটিক কেনেকৈ ৰক্ষা কৰিব?
ৰোগৰ তীব্ৰতা দ্ৰুত গতিত বিয়পি পৰিলে আপোনাৰ শিশুটিক কেনেকৈ এই ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব৷ সেই বিষয়ে পূৰ্বেই জানি থোৱাটো জৰুৰী৷
শিশুটি শুই থাকোত আঁঠুৱাৰ ব্যৱহাৰ কৰিবলৈ নাপাহৰিব৷
পৰিস্কাৰ পৰিচ্ছন্ন পৰিবেশ বৰ্তাই ৰাখক৷
ঘৰৰ আশে পাশে জাৱৰ জমা কৰি নাৰাখিব৷
আশে পাশে পানীৰ ডোঙা থাকিলে সেই পানীৰ ডোঙা সোনকালেই চাফা কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















