১৯৪৭ চনৰ ১৪ আগষ্টৰ মাজনিশা, ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে৷ সেইদিনাই জন্ম হ’ল স্বাধীন ভাৰতৰ৷ কিন্তু ন’কৈ স্বাধীনতা প্ৰাপ্ত ভাৰতৰ নাছিল কোনো জাতীয় সংগীত৷ অথচ ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই বিশেষ গীতটো ভাৰত স্বাধীনৰ বহু আগতেই ৰচনা কৰা হৈছিল৷ কংগ্ৰেছৰ সৈতে এই সংগীতৰ আছিল বিশেষ সম্পৰ্ক৷ কংগ্ৰেছৰ বিভিন্ন অধিবেশনত পৰিবেশন কৰা হৈছিল এই বিশেষ গীতটি৷ কিন্তু জাতীয় সংগীত হিচাপে স্বাধীনতাৰ সেই মুহূৰ্ততেই স্বীকৃতি লাভ কৰা নাছিল জনগণমন গীতটিয়ে৷ তেন্তে কেতিয়া ভাৰতৰ জাতীয় সংগীত ৰূপে স্বীকৃতি লাভ কৰিলে এই গীতে?
‘জনগণমন‘ ৰ ইতিহাস
১৯১১ চনৰ ১১ ডিচেম্বৰত ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটি ৰচনা কৰিছিল বুলি লিখিত আছে৷ গীতটিৰ ৰচনা তাৰিখক লৈ অৱশ্যে কিছু বিতৰ্কও আছে৷ বিতৰ্ক অৱশ্যে গীতটি প্ৰথম গোৱা দিনক লৈ নহয়৷ সেই বছৰৰে ২৮ ডিচেম্বৰত কংগ্ৰেছৰ এক অধিবেশনত প্ৰথম গোৱা হৈছিল এই গীত৷ কলকাতাত আয়োজিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ২৬ তম বাৰ্ষিক অধিবেশনত গোৱাৰ পাছতেই দিনটোত গানটোৰ ইংৰাজী অনুবাদ দ্যা বেংগলী পত্ৰিকাত প্ৰকাশিত হয়৷ পাছত ১৯১২চনৰ জানুৱাৰী মাহত তত্ত্ববোধিনী পত্ৰিকাত ভাৰত বিধাতা নামেৰে গীতটি প্ৰকাশিত হয়৷ কিছুদিনৰ পাছত ৰবীন্দ্ৰনাথ ঠাকুৰে নিজেই গীতটিৰ ইংৰাজী অনুবাদ কৰে৷
জাতীয় সংগীত কৰাৰ প্ৰথম প্ৰস্তাৱ দিছিল সুভাষ চন্দ্ৰ বসুৱে
‘জনগণমন’ ক জাতীয় সংগীত কৰাৰ প্ৰথম প্ৰস্তাৱ ১৯৩৭ চনত দিছিল সুভাষচন্দ্ৰ বসুৱে৷ গীতটি তেওঁ ব্যক্তিগতভাৱে ভীষণ প্ৰিয় আছিল৷ ১৯৪৩ চনৰ ৫ জুলাইত আজাদ হিন্দ ফৌজ গঠনৰ কথা ঘোষণা কৰিছিল তেওঁ৷ সেইদিনটোত জাতীয় সংগীত হিচাপে গোৱা হৈছিল ‘জনগণমন’৷
জাতিসংঘত প্ৰথম বাজিল ‘জনগণমন’
জাতিসংঘত ‘জনগণমন’ গীতটি প্ৰথম বজোৱা হৈছিল ১৯৪৭ চনৰ পাছত এক অনুষ্ঠানত৷ জাতিসংঘই ভাৰতৰ প্ৰতিনিধিসকলৰ পৰা দেশৰ প্ৰতিনিধিত্ব কৰা এক গীত বিচাৰিছিল৷ তেতিয়াই ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই গীতেই ভৰষা হৈ ঠিয় দিয়ে৷ স্বাধীনতাৰ পাছত পূণ্যৰ্দমে আৰম্ভ হৈছিল সংবিধান তৈয়াৰৰ প্ৰস্তুতি৷ সেই সংবিধান অনুসৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীত স্বাধীন, সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে ভাৰতে৷
১৯৫০ চনৰ ২৪ জানুৱাৰী
ভাৰতৰ এই আত্মপ্ৰকাশৰ ঠিক দুদিন পূৰ্বে অৰ্থাৎ ২৪ জানুৱাৰীত ‘জনগণমন’ক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়৷ কিন্তু গীতটিৰ কেৱলমাত্ৰ প্ৰথম স্তৱকটোহে গীত হব বুলি ধাৰ্য কৰা হয়৷ যি গাবলৈ সময় লাগে ৫২ ছেকেণ্ড৷ অৰ্থাৎ প্ৰকৃততে স্বাধীনতাৰ তিনি বছৰৰ পাছৰে পৰা ভাৰতৰ জাতীয় সংগীতৰ মৰ্যাদা পায় ‘জনগণমন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা’ ই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















