‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়
৩০ বছৰত কোনেদিনে এনে ঘটনা দেখা নাই বুলি আচৰিত হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি আই চন্দ্ৰচুড়। কলিকতাৰ আৰ জি কৰ হাস্পতালৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত হোৱা ঘটনাক অতিকে নিকৃষ্ট তথা পাষণ্ডতাৰ সীমা চেৰাই যোৱা ঘটনা বুলি অবিহিত কৰিছে।
উল্লেখ্য যে, মুখ্য ন্যায়াধীশ ডী আই চন্দ্ৰচুড়ৰ অধ্যক্ষতাত পীঠে কলিকতাৰ ঘটনাৰ ওপৰত শুনানি কৰি আছে। এই পীঠে প্ৰতিবাদত বহা সকলো ডাক্তৰকে পুনৰ কামলৈ উভতি যোৱাৰ বাবে আহ্বান জনাইছে। কিয়নো বিগত কেইবাদিনো ধৰি প্ৰতিবাদত থকাৰ বাবে বহু লাখ লাখ ৰোগী সমস্যাত আছে।
এই শুনানিতে চি বি আইয়ে দাখিল কৰা এক প্ৰতিবেদন অনুসৰি চাইকো টেষ্টত সঞ্জয় ৰায়ৰ পাশৱিকতাৰ প্ৰমাণ পোৱা গৈছে। চিবিআইয়ে সঞ্জয় ৰায়ৰ পলিগ্ৰাফী টেষ্টো কৰিব বিচাৰিছে। আদালতৰ পৰা অনুমতি পোৱা গৈছে যদিও সঞ্জয় ৰায়ে সন্মতি নিদিয়ালৈকে এই টেষ্ট হ’ব নোৱাৰে।
কাইলৈ ২৩ আগষ্ট শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হ’ব সঞ্জয় ৰয়ক, য’ত প্ৰথমবাৰৰ বাবে অধিবক্তাসকলৰ প্ৰশ্নৰ উত্তৰ দিব সঞ্জয়ে। সঞ্জয় ৰায়ৰ গোচৰৰ বিৰুদ্ধে যুঁজিবলৈ সাজু নহয় কোনো অধিবক্তা। এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া প্ৰতিৰক্ষা অধিবক্তাই তেওঁক প্ৰথমবাৰৰ বাবে সাক্ষাৎ কৰিব।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কলকাতাৰ চিকিৎসক ধৰ্ষণ-হত্যাৰ গোচৰৰ অভিযুক্ত সঞ্জয় ৰায়ক জেৰা কৰিবলৈ আহিছিল মনোবিজ্ঞানীৰ এটা দল। মনোবিজ্ঞানীসকলে সঞ্জয় ৰয়ক প্ৰশ্ন কৰাত সঞ্জয় ৰায়ৰ উত্তৰত যি ক’লে সেয়া হতচকিত হৈ পৰিল। সঞ্জয় ৰয় ট্ৰেফিক আৰক্ষীৰ স্বেচ্ছাসেৱক আছিল আৰু তেওঁৰ মনোবিশ্লেষণমূলক প্ৰফাইলত তেওঁ যৌন বিকৃতিৰ বলি হোৱাৰ কথা প্ৰকাশ পাইছিল।
বিশেষজ্ঞগৰাকীৰ মতে, যিদৰে তেওঁ মনোবিজ্ঞানীৰ দলটোক এই বিষয়ে জনাইছিল, বিশেষজ্ঞসকলে এই কথা শুনি স্তম্ভিত হৈ পৰিছিল যে এই বিষয়ে কওঁতে অকনো নাৰ্ভাছ হোৱা নাছিল। মুখত কোনো ভয়ৰ ভাব নাছিল, কামৰ বাবে অনুশোচনাও নাছিল। সেইবাবেই তেওঁ পুলিচকো কৈছিল যে তেওঁক ফাঁচী দিলেও কোনো অনুতাপ নাই।
অপৰাধস্থলীত সঞ্জয় ৰায়ৰ উপস্থিতি তদন্তত নিশ্চিত হৈছে। চিবিআইৰ তদন্তৰ সৈতে জড়িত বিশেষজ্ঞসকলে সঞ্জয় ৰয়ৰ বক্তব্য স্কেন কৰি মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনছিক প্ৰতিবেদনৰ সৈতে মিলাইছিল। অপৰাধস্থলীৰ পৰা সংগ্ৰহ কৰা কাৰিকৰী আৰু বৈজ্ঞানিক প্ৰমাণেও সঞ্জয় ৰায়ৰ উপস্থিতি নিশ্চিত কৰিছে। ভুক্তভোগীৰ নখত পোৱা তেজৰ নমুনা সঞ্জয় ৰায়ৰ হাতৰ আঘাতৰ সৈতে মিল আছে। আৰক্ষীয়ে এতিয়া ডি এন এ ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে।
চিবিআইৰ তদন্ত অনুসৰি চিচিটিভি ফুটেজত দেখা গৈছে যে সঞ্জয় ৰায় ১১ বজাত চিকিৎসালয়লৈ আহিছিল।
আৰক্ষীৰ ডায়েৰী আৰু মৰণোত্তৰ পৰীক্ষাৰ সময়ৰ মাজত পাৰ্থক্য আছে বুলিও আদালতে কয়। অভিযুক্তৰ চিকিৎসা পৰীক্ষা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে আদালতে। আদালতে কয় যে ৩০ বছৰে এনে গোচৰ দেখা পোৱা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ