গৌতম গম্ভীৰ ভাৰতীয় দলৰ কোচ হোৱাৰ পাছতেই প্ৰথম কোনো চিৰিজৰ দল ঘোষণা কৰা হৈছে৷ শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ চিৰিজৰ দল ঘোষণা কৰিছে ভাৰতে৷ টি-২০ দলৰ পৰা বাদ পৰিছে বিশ্বকাপজয়ী দুই ক্ৰিকেটাৰো৷ দলত আহিছে নতুন ৬ জন ক্ৰিকেটাৰ৷ ভাৰতৰ টি-২০ বিশ্বকাপ দলত যি ১৫ জন ক্ৰিকেটাৰ আছিল তাৰ ভিতৰৰ ৯ জন ক্ৰিকেটাৰহে আছে শ্ৰীলংকা চিৰিজত৷ তেওঁলোক হৈছে সূৰ্যকুমাৰ যাদৱ, যশস্বী জয়ছোৱাল, ঋষভ পন্থ, সঞ্জু ছেমছন, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, অক্ষপ পেটেল, অৰ্শদ্বীপ সিংহ মহম্মদ চিৰাজ৷ বাকী দুই ক্ৰিকেটাৰ অৰ্থাৎ কুলদ্বীপ যাদৱ আৰু যুজবেন্দ্ৰ চহাল ভাৰতীয় দলৰ পৰা বাদ পৰিছে৷ তেওঁলোকৰ মাজত চহালে বিশ্বকাপৰ কোনো এখন মেচ খেলা নাই৷ কিন্তু কুলদ্বীপে ৫খনেই মেচ খেলিছিল৷ ভাৰতৰ বিশ্বকাপ জয়ত ডাঙৰ ভূমিকা আছিল তেওঁৰ৷ সেই কুলদ্বীপেই বাদ পৰিল বিশ্বকাপৰ পৰা৷
বিশ্বকাপৰ দলত থকা নথকা ৬জন ক্ৰিকেটাৰে সুযোগ পাইছে ভাৰতীয় দলত৷ বিশ্বকাপত ৰিজাৰ্ভ প্লেয়াৰ হিচাপে আছিল শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ আৰু আৱেশ খান৷ এই চাৰিজনৰ মাজত শুভমন, ৰিংকু আৰু খলিলে সুযোগ লাভ কৰিছে৷ আৱেশক অৱশ্যে দলত লোৱা হোৱা নাই৷ শুভমনক দলে লোৱাৰ ওপৰিও সহ অধিনায়ক কৰা হৈছে৷ তিনিজন নতুন ক্ৰিকেটাৰে দলত স্থান পালে৷ তেওঁলোক হৈছে ৰিয়ান পৰাগ, ৱাছিংটন সুন্দৰ আৰু ৰবি বিষ্ণোই৷ এই তিনিগৰাকী খেলুৱৈয়ে জিম্বাবোয়ে চিৰিজত ভাৰতীয় দলৰ হৈ খেলিছিল৷ শ্ৰীলংকা চিৰিজৰ দলটো তেওঁলোকে স্থান লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















