অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘লাপতা লেডিছ’, এতিয়া কেৱল আশা আন এখন চিনেমাৰ ওপৰত
২০২৫ চনৰ অস্কাৰৰ বঁটা লাভৰ দৌৰৰ পৰা বাহিৰ আমিৰ খান আৰু কিৰণ ৰাওৰ চবি ‘লাপতা লেডিছ’। মঙলবাৰে একাডেমীয়ে পৰৱৰ্তী ৰাউণ্ডৰ বাবে নিৰ্বাচিত হ’বলগীয়া ১৫খন ছবিৰ নাম ঘোষণা কৰে, য’ত ‘লাপতা লেডিজ’ চিনেমা খনে স্থান লাভ নকৰে।
আমিৰ খানৰ প্ৰযোজনা আৰু কিৰণ ৰাওৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন ৯৭ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ শিতানত ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ আছিল। কিন্তু সকলো অনুৰাগীকে নিৰাশ কৰি বাহিৰ হয় ‘লাপতা লেডিছ’।
কিন্তু ২০২৫ চনৰ অস্কাৰলৈ ব্ৰিটেইনে প্ৰেৰণ কৰা হিন্দী ভাষাৰ ছবি ‘সন্তোছ’ পৰৱৰ্তী ৰাউণ্ডৰ বাবে চৰ্টলিষ্ট হৈছে। এই ছবিখনৰ পৰিচালনা কৰিছে ব্ৰিটিছ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সন্ধ্যা সূৰীয়ে। ২ মাৰ্চত ঘোষণা কৰা হ’ব অস্কাৰ ২০২৫ৰ বিজয়ীসকল।
বৰ্তমানে এই শিতানত তালিকাভুক্ত হোৱা ১৫ চবি হৈছে-
ব্ৰাজিলৰ- আই এম ষ্টিল হেয়াৰ
কানাডা- ইউনিভাৰ্চেল লেংগুৱেজ
চেক গণৰাজ্য- বেব্স
ডেনমাৰ্ক- দ গাৰ্ল উইথ দ নিডল
ফ্ৰান্স- এমিলিয়া পেৰেজ
জাৰ্মানী- দ চিড উফ দ চেকেণ্ড ফিগ
আইচলেণ্ড- টচ
আয়াৰলেণ্ড- নীকেপ
ইটালী- বাৰ্মীগ্লিয়ো
লাটবিয়া- ফ্লো
নৰৱে- আৰ্মণ্ড
ফিলিষ্টাইন- ফ্ৰাম গ্ৰাউণ্ড জিৰো
ছেনেগল- দাহোমী
থাইলেণ্ড- দাও টু মেক মিলিয়নছ বিফোৰ গ্ৰেডমা ডাইছ
ইউনাইটেড কিংডম- সন্তোষ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ