পৰ্যাপ্ত টোপনিৰ পাছতো আপুনি সকলোসময়তে ক্লান্তবোধ কৰে? এয়া কেৱল এলাহ নহয়। ইয়াৰ অৰ্থ হৈছে আপুনি ভিটামিন B12ৰ অভাৱত ভূগিছে। আপুনি যদি ডিপ্ৰেছনৰ দৰে মানসিক সমস্যাত ভূগি আছে তেন্তে ইয়াৰ বাবে দায়ী এই ভিটামিন।
এই ভিটামিনৰ বেছিভাগ উৎসই হৈছে আমিষ খাদ্য। পশু ভিত্তিক খাদ্য় যেনে মাংস, কণী আৰু দুগ্ধজাত খাদ্যত ভিটামিন B12 থাকে। ২০২৪ ত প্ৰকাশিত এক সমীক্ষাত দেখা গৈছে যে ৫০শতাংশ নিৰামিষভোজী মানুহৰেই কম থাকে ভিটামিন B12, ভিটামিন B12য়ে কেৱল পুৰুষৰবাবে শক্তি বৃদ্ধিতেই সহায় নকৰে ই তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু হৰমনৰ স্বাস্থ্য বজায় ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।শৰীৰত এই ভিটামিনৰ ঘাটি একেবাৰেই উপেক্ষা নকৰিব। ভিটামিন B12ৰ অভাৱ হলে কেইবাটাও লক্ষণ ফুঁটি উঠে। এই লক্ষণসমূহ দেখিলেই সতৰ্ক হওক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ