চমু চাপিছে সুনীতা আৰু বুচ উইলমোৰ পৃথিৱীলৈ উভতি অহাৰ দিন৷ তেওঁলোকে কেতিয়া পৃথিৱীৰ মাটিত ভৰি থ’ব সেই দিনক্ষণ স্পষ্টকৈ এইবাৰ জনাই দিছে নাছাই৷ বিগত ১০ মাহ ধৰি সুনীতা আৰু বুচ উইলমোৰ মহাকাশত আৱদ্ধ হৈ আছে৷ যান্ত্ৰিক ত্ৰুটিৰ কাৰণেই তেওঁলোকক পৃথিৱীলৈ এতিয়াও উভতাই আনিব পৰা নাই নাছাই৷
আগন্তুক সপ্তাহত অৰ্থাৎ ১২ মাৰ্চত সুনীতা আৰু বুচ উইলমোক উভতাই আনিবলৈ মহাকাশলৈ উৰা মাৰিব বিশেষ মহাকাশযান৷ নাছাৰ পক্ষৰ পৰা কোৱা হৈছে যে মহাকাশৰ পৰা পৃথিৱীৰ মাটিত দুয়ো ভৰি দিব ১৬ মাৰ্চত৷ বিগত বছৰৰ পৰা দুজনেই মহাকাশত আছে৷ এইবাৰ তেওঁলোক দুয়োজনে ঘৰলৈ উভতি আহিব৷
সুনীতা আৰু বুচ উইলমোক উভতাই অনাক লৈ মাৰ্কিন মুলুকত তৈয়াৰ হৈছে বিতৰ্ক৷ নিজৰ বাৰ্তাত ডোনাল্ড ট্ৰাম্পে কৈছে, ‘আমি তোমালোকক ভালপাওঁ৷ তোমালোকক ঘৰলৈ উভতাই অনাৰ বাবেই সমস্ত কাম আমি কৰি আছো৷’ এইবিষয়ক লৈ ট্ৰাম্পে সুবিধা বুজি পূৰ্বৰ প্ৰেছিডেণ্ট জ’ বাইডেনক সমালোচনাও কৰিছে৷ ট্ৰাম্পে কয়, ‘মহাকাশত আৰু বেছিদিন থাকিব নালাগে৷ যি প্ৰেছিডেণ্টে তোমালোকৰ এই অৱস্থা কৰিছে তেওঁলোকেও ভালকৈ জানে এয়া বেয়া কথা৷ বৰ্তমান প্ৰেছিডেণ্ট তোমালোকৰ লগত আছে৷ তোমালোকক আৰু কষ্ট পাবলৈ দিয়া নহ’ব৷’
প্ৰেছিডেণ্ট ট্ৰাম্পে লগতে জনাই দিয়ে, সুনীতা আৰু বুচ উইলমোৰক উভতাই অনাৰ সমস্ত দায়িত্ব দিয়া হৈছে ইলন মাস্কৰ হাতত৷ ইলন মাস্কে খৰতকীয়াকৈ দুয়োকে পৃথিৱীলৈ ওলোটাই অনাৰ কাম চলাই গৈছে৷ অচিৰেই দুয়ো পৃথিৱীত ভৰি দিব কোনো চিন্তাৰ কাৰণ নাই বুলিও জনাই দিছে ট্ৰাম্পে৷
ইফালে নিজৰ এক সাক্ষাৎকাৰত সুনীতাই জনাইছে যে তেওঁ মহাকাশত থকা দিনবোৰ মিছ কৰিব৷ তাতেই দীৰ্ঘসময় ধৰি থাকিব৷ এইয়া জীৱনৰ এক অসাধাৰণ সময়৷ চকু মেলাৰ পৰা চকু জপোৱালৈকে সকলোতে মহাকাশে তেওঁলোকক স্বাগত কৰে৷ অটল অন্ধকাৰকো এতিয়া অন্ধকাৰ যেন নালাগে৷ এই অভিজ্ঞতাক জীৱনৰ শেষদিন পৰ্যন্ত কঢ়িয়াব বুলিও সাক্ষাৎকাৰত জনাইছে সুনীতাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ