অসম লাইভ ২৪, লখিমপুৰঃ এইবাৰ মণিকূটত পাঠা। লখিমপুৰৰ নাওবৈচাৰ গেন্ধালীত নামঘৰৰ মণিকূটত পাঠাৰ তাণ্ডৱ। কিশোৰীক মণিকূটৰ ভিতৰত বলাৎকাৰ। বৃদ্ধ নামঘৰীয়াৰ কামনাৰ বলি কিশোৰী। কিশোৰীক ফুচুলনিৰে সাতবাৰ বলাৎকাৰৰ অভিযোগ নামঘৰীয়াৰ বিৰুদ্ধে। এই নামঘৰৰ পবিত্ৰতা নষ্ট কৰিলে বৃদ্ধ নামঘৰীয়াই। ৭০ উর্ধৰ কোষেশ্বৰ দত্তই নামঘৰৰ ওচৰৰে কিশোৰীগৰাকীক ভয়-ভাবুকি, ফুচুলনিৰে সাতবাৰ বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ১৪ জুলাইত ৰাইজে জানিব পাৰে নামঘৰীয়া ৰূপী কোষেশ্বৰৰ কাণ্ড। কিশোৰীগৰাকীয়ে নামঘৰৰ চৌহদত এৰাল দিয়া ছাগলী আনিবলৈ যাওঁতে নামঘৰীয়াই মণিকূটৰ ভিতৰলৈ নি বলাৎকাৰ কৰে। এই ঘটনা দেখা পায় এগৰাকী মহিলাই। অঞ্চলটোৰ একাংশ লোকে নামঘৰত মেল পাতি ঘটনাৰ মীমাংসা উলিওৱাৰ চেষ্টা কৰিছিল। কিন্তু নির্যাতিতাৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নামঘৰীয়া কোষেশ্বৰ দত্তক। ধর্ষণত অভিযুক্ত এইজন নামঘৰীয়াৰ ফাঁচিৰ দাবী তুলিছে স্থানীয় একাংশই। বিকৃত মানসিকতাৰ বৃদ্ধৰ কুকামনাৰ পৰা নাতিসম কন্যা ৰক্ষা নপৰা, নামঘৰ-মণিকূটৰ পবিত্ৰতা নামঘৰীয়াৰ হাততে ৰক্ষা নপৰাৰ বিষয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে লখিমপুৰত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ