অসম লাইভ২৪ঃ লিভ ইন ৰিলেশ্ব্যনচিপক এতিয়া দেশৰ প্ৰায়সংখ্যক নৱপ্ৰজন্মই আদৰি লৈছে। কিছুদিন পূৰ্বে দেশৰ ৰাজধানী দিল্লীত সংঘটিত ঘটনাই লিভ ইন ৰিলেশ্ব্যনচিপক লৈ প্ৰশ্নৰ উদ্ৰেক ঘটাইছিল। এই ঘটনাৰ পাছতেই বহুতেই দাবী কৰিছে যে লিভ ইন ৰিলেশ্যনচিপ কেতিয়াও নিৰাপদ হ’বই নোৱাৰে। কোনো চুক্তি নোহোৱাকৈ এটা সম্পৰ্কত একেলগে থকাটো যুক্তিসংগত নহয় বুলি দাবী কৰিছে বহুসংখ্যক লোকেই। কিন্তু এটা কথা ঠিক যে লিভ ইন ৰিলেশ্ব্যনচিপৰো আইন আমাৰ দেশত আছে। বহুসংখ্যকেই এই আইন সম্পৰ্কে নজনাৰ বাবেই এই সম্পৰ্কক অবৈধ বুলি ভাৱো যদিও লিভ ইন ৰিলেশ্ব্যনচিপ মানেই অবৈধ সম্পৰ্ক নহয়।
লিভ ইন ৰিলেশ্ব্যনচিপ আইনত কি আছে?
যদি দুজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে স্বেচ্ছাই একেলগে থাকিব খোজে তেন্তে উচ্চ ন্যায়ালয়ে ইয়াক বৈধ বুলি স্বীকৃতি প্ৰদান কৰে। কিন্তু ইয়াত কিছু নিয়মৰ কথা উল্লেখ আছে। যদি একেলগে থকা দুজন ব্যক্তিয়ে একেটা ঘৰতে একেলগে বাস কৰে তেনেহ’লে তেওঁলোকক বিবাহিত বুলি গণ্য কৰা হ’ব। লিভ-ইন সম্পৰ্কত বাস কৰা প্ৰেমিক দম্পতীক আইনীভাৱে বিবাহিত বুলি গণ্য কৰা হয়।
যদি লিভ ইন ৰিলেশ্ব্যনচিপত থকা প্ৰেমিক দম্পতীয়ে তেওঁলোকৰ সঙ্গীক প্ৰতাৰণা কৰে, তেনেহ’লে ইয়াক অপৰাধ বুলি গণ্য কৰা হয়। এই অপৰাধ শাস্তিৰ যোগ্য। এনে পৰিস্থিতিত, ভুক্তভোগীয়ে তেওঁৰ সঙ্গীৰ বিৰুদ্ধে আইপিচিৰ ধাৰা ৪৯৭-ৰ অধীনত গোচৰ ৰুজু কৰিব পাৰে। এই গোচৰৰ অধীনত আইনে শাস্তিও বিহিব পাৰে।
লিভ-ইন ৰিলেশ্ব্যনচিপত থাকোতে দুয়োজনেই যদি সমানে উপাৰ্জন কৰে, তেনেহ’লে ব্যয়ো ‘পাৰস্পৰিক বুজাবুজি’ৰ ওপৰত হ’ব লাগে। লিভ-ইন সম্পৰ্কত থাকোতে, প্ৰেমিকা গৰ্ভৱতী হ’ব পাৰে, তেওঁ যদি সন্তানো জন্ম দিব বিচাৰে, তেনেহ’লে এনে সন্তান বৈধ বুলি গণ্য কৰা হয়। এই পৰিস্থিতিত, বিবাহিত দম্পতীৰ দৰে, সেই সন্তানৰ যত্ন লোৱাটো দম্পতীহালৰ দায়িত্ব। কন্যা ভ্ৰূণ হত্যা আৰু গৰ্ভপাত সম্পৰ্কীয় আইন লিভ-ইনত বাস কৰা দম্পতীসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ