অসম লাইভ২৪ঃ ৭২ বছৰীয়া এগৰাকী বৃদ্ধা এগৰাকী ৰোগীৰ বিৰুদ্ধে উঠিছে হত্যৰ অভিযোগ। হাস্পতালত থকা অৱস্থাতেই এজন মৃত্যুমুখী ৰোগীক ভেণ্টিলেছন বন্ধ কৰি মাৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে বৃদ্ধাগৰাকীৰ বিৰুদ্ধে। কিন্তু কিয় বৃদ্ধাগৰাকীয়ে বন্ধ কৰিছিল ভেণ্টিলেটৰৰ ছুইচ? এবাৰেই বন্ধ কৰিছিল এনে নহয় দুবাৰকৈ বৃদ্ধাগৰাকীয়ে বন্ধ কৰি দিছিল ভেণ্টিলেটৰৰ ছুইচ।
কিয় বন্ধ কৰিছিল ভেণ্টিলেটৰৰ ছুইচ?
এই অমানৱিক আচৰণৰ আঁৰত আছে এটাই কাৰণ। ভেণ্টিলেছন যন্ত্ৰৰ শব্দই অসুবিধা দিছিল বৃদ্ধাগৰাকীক। যাৰ বাবে বৃদ্ধাগৰাকীয়ে বন্ধ কৰি দিছিল ভেণ্টিলেছনৰ ছুইচ। আৰক্ষীয়ে বৃ্দ্ধাগৰাকীক সোধপোছ কৰি কি ধাৰা লগাব সেই বিষয়টোক লৈ অসুবিধাৰ সন্মুখীন হৈছে। হত্যাৰ অভিযোগত আটক কৰা বৃদ্ধা ৰোগীগৰাকী জাৰ্মানীৰ দক্ষিণপশ্চিম চহৰ মেনহেমৰ বাসিন্দা। ২৯ নৱেম্বৰত জাৰ্মানীৰ এখন হাস্পতালত এই ঘটনা।
কি ঘটিছিল ৰোগীসকলৰ মাজত?
আৰক্ষীয়ে প্ৰকাশ কৰা মতে হাস্পতালত কেইবাদিনো ধৰি ভৰ্তি হৈ আছিল বৃদ্ধাগৰাকী। বৃদ্ধাগৰাকীক ৰখা বিছনাখনৰ কাষতেই আছিল অইন এগৰাকী গুৰুতৰ ৰোগী। ৰোগীজনক ভেণ্টিলেছনত ৰখা হৈছিল। ভেণ্টিলেছনৰ শব্দত বিৰক্ত হৈছিল কাষত থকা ৰোগীগৰাকী। অৱশেষত সেই শব্দ সহ্য কৰিব নোৱাৰি ভেণ্টিলেছন বন্ধ কৰি দিলে বৃদ্ধাগৰাকীয়ে। হাস্পতালৰ কৰ্মীয়ে লগে লগেই সেই বিষয়ে গম পোৱাত ততাতৈয়াকৈ ভেণ্টিলেছন অন কৰি দিয়ে। লগতে বৃদ্ধাক সোঁৱৰাই দিয়ে যাতে আৰু এনে কাম তেওঁ নকৰে। কাৰণ এনেকৈ ভেণ্টিলেছন বন্ধ কৰি দিলে ৰোগীজনৰ মৃত্যু হ’ব।
বৃদ্ধাই হাস্পতাল কৰ্তৃপক্ষৰ কথা শুনিলে যদিও পাছত পুনৰ তেনে কামেই কৰিলে। ক্ষন্তেক পাছতেই বৃদ্ধাগৰাকীয়ে আকৌ ভেণ্টিলেছনৰ ছুইচ বন্ধ কৰি দিয়ে। এই কাৰ্যত হাস্পতাল কৰ্তৃপক্ষই অসহায় হৈ আৰক্ষীক খবৰ দিয়ে। হাস্পতাল কৰ্তৃপক্ষই দিয়া গোচৰৰ ভিত্তিত আৰক্ষীয়ে বৃদ্ধাক গ্ৰেপ্তাৰ কৰিছে। বুধবাৰে আদালতত হাজিৰো কৰা হয় বৃদ্ধাক। আদালতত দোষী সাব্যস্ত হৈছে বৃদ্ধা। শাস্তি হিচাপে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বৃদ্ধাক।
উল্লেখ্য যে ভেণ্টিলেছন মানেই লাইফ জেকেট। ৰোগীৰ শাৰীৰিক অৱস্থা জটিল হ’লে স্বাভাৱিকভাৱে শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট হয়। সেইবাবে কৃত্ৰিম উপায়েৰে ৰোগীজনক অক্সিজেন দি থকা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ