অসম লাইভ ২৪ঃ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে লিজ ট্ৰাছে। শপত গ্ৰহণৰ মাত্ৰ ৪৫ দিন পিছতেই প্ৰধানমন্ত্ৰী পদ ত্যাগ কৰিছে লিজ ট্ৰাছে। বৃহস্পতিবাৰে লিজে পদত্যাগ কৰাৰ পিছতেই এই বিষয়টোক লৈ বিশ্বজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। কি হৈছে ব্ৰিটেইনত? লিজৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাক লৈ যিমান দিন চৰ্চা হৈছিল সিমান দিন আসনতেই বহিব নোৱাৰিলে লিজ।
ব্ৰিটেইনৰ শোচনীয় অৰ্থনৈতিক মন্দাৱস্থাৰ মাজতেই নতুনকৈ শপত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিছে। চৰ্চা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে দেশখনক সংকটত পেলাইছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা মাত্ৰ ৪৫ দিনৰ পাছতেই লিজ ট্ৰাছে পদত্যাগ পত্ৰ দি আটাইতকৈ কম সময়ৰ বাবে থকা প্ৰধানমন্ত্ৰীৰ আসনত বহা ব্ৰিটেইনৰ প্ৰথম প্ৰধানমন্ত্ৰী বুলিও বিবেচিত হৈছে ট্ৰাছ। প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ পিছত দেশৰ অৰ্থনৈতিক অস্থিৰতা দূৰ কৰিব নোৱাৰা বাবে একাংশই সমালোচনা কৰিছিল ট্ৰাছক। প্ৰবল চাপত পৰিয়েই ট্ৰাছে পদত্যাগ কৰিছে বুলিও একাংশই মন্তব্যত উল্লেখ কৰিছে।
প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ট্ৰাছে কৰ হ্ৰাসৰ ওপৰত থকা সকলো নীতি প্ৰত্যাহাৰ কৰিব লগা হৈছিল। নতুন বিত্ত মন্ত্ৰী জেৰেমি হান্টে কৰ হ্ৰাসৰ ওপৰত নতুন নীতি লৈছিল। বিদ্যুতৰ বিল বৃদ্ধিৰ ওপৰত থকা নিষেধাজ্ঞাও উঠাই লোৱা হৈছিল। লিজ ট্ৰাছে সংবাদ মাধ্যমৰ আগত দিয়া মন্তব্যত এই বিষয় সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘যি প্ৰত্যাশাৰে প্ৰধানমন্ত্ৰীৰ আসনত বহিছিলো সেয়া পূৰণ কৰাটো সম্ভৱপৰ নহ’ল। যাৰ বাবে মই এই আসনৰ পৰা পদত্যাগ কৰিছো।’ ইয়াৰ আগতে, তেওঁ অৰ্থনৈতিক নীতিৰ ওপৰত লোৱা নতুন নীতিক লৈ ক্ষমা বিচাৰিছিল।
লিজে পদত্যাগ কৰাৰ পিছতেই পৰবৰ্তী প্ৰধানমন্ত্ৰী কোন হ’ব তাকে লৈ চলিছে চৰ্চা। সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি কনজাৰভেটিভ দলৰ প্ৰাক্তন বিত্তমন্ত্ৰী ঋষি ছুনাকেই পৰবৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। ঋষিৰ ওপৰিও চৰ্চাত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ নামো। বৰিছেও পুনৰ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰতিদ্বন্দিতা কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ