এক্সিট পলৰ বিপৰীতে ৰিজাল্ট! এনডিএ জোঁট আগুৱাই থাকিলেও বিজেপিয়ে লাভ নকৰিলে একক সংখ্যাগৰিষ্ঠতা। ইফালে ইণ্ডিয়া জোঁটে লাভ কৰিবলৈ সক্ষম হৈছে ২৩০খন আসন। এই পৰিস্থিতিত এনডিএ ভঙাৰ পৰিকল্পনাত নামিছে কংগ্ৰেছ দল। ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে যোগাযোগ কৰিছে ইণ্ডিয়া জোঁটে।
মহাৰাষ্ট্ৰৰ প্ৰবীণ নেতা শাৰদ পাৱাৰে ইতিমধ্যেই ফোন কৰিছে নীতিশলৈ। অৱশ্যে এই কথা এতিয়াও স্পষ্ট হোৱা নাই। শাৰদ পাৱাৰে অৱশ্যে এতিয়ালৈকে ফোনকলৰ কথা স্বীকাৰ কৰা নাই। কাইলৈ ইণ্ডিয়া জোঁটে বিশেষ বৈঠকৰ আয়োজন কৰিছে। এই আলোচনাৰ পাছতেই সমগ্ৰ বিষয়টো স্পষ্ট হব। কেৱল পাৱাৰৰেই নহয় সমগ্ৰ দেশৰেই চকু এতিয়া বিহাৰৰ নীতিশৰ ওপৰত।
বিহাৰৰ ৰাজনীতিত পাভলুটিৰ মাষ্টৰ হিচাপে পৰিচিত নীতিশৰ জেডিইউ দল ১২ আসনত আগুৱাই আছে। বৰ্তমানলৈকে বিজেপিয়ে এককভাৱে ২৩৯খন আসনত আগবাঢ়ি আছে। ২৩৯ আসনৰ ৯৩খনত জয়লাভ কৰাৰ বিপৰীতে আগবাঢ়ি আছে ১৪৬খন আসনত। বৰ্তমানৰ সমীক্ষাৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে বিজেপিৰ আসনে ২৫০ৰ সীমা অতিক্ৰম নকৰিব। এনডিএ জোঁটে চৰকাৰ কৰিবলৈ জেডিইউৰ সমৰ্থন থকাটো খুবেই জৰুৰী। এই নীতিশকেই যদি কংগ্ৰেছে লৈ আনে তেন্তে কেনেকৈ চৰকাৰ গঠন কৰিব এনডিএ জোঁটে। বিৰোধীয়ে যদি ভাল অফাৰ দিয়ে তেন্তে নীতিশে আকৌ পাভলুটি নামাৰিব তাৰ কোনো নিশ্চয়তা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ