কালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন, পাহাৰ-ভৈয়াম, নদী পাৰ হৈ ভোটকেন্দ্ৰত উপস্থিত পুলিং বিষয়া
বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ নিৰ্বাচন সহজ নহয়! কাৰণ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম পৰ্যায়ৰ ভোটদানৰ বাবে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত বহু কৰ্মচাৰীয়ে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কোনো কোনো ঠাইৰ ভোটকেন্দ্ৰত উপস্থিত হোৱাটো অতিকে কঠিন কাম আছিল।
কৰ্তব্যৰত অৱস্থাত এই কৰ্মচাৰীসকলে উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশত এখন বনাঞ্চলৰ মাজেৰে দূৰৈৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাবলগীয়া হোৱাৰ বিপৰীতে তামিলনাডুৰ ডিণ্ডিগুলৰ নাথাম অঞ্চলত গাধৰ সহায়ত ইলেক্ট্ৰনিক ভোটিং মেচিন (ইভিএম) লৈ যোৱা দেখা গৈছিল।
আজি বৃহস্পতিবাৰ ১৮ এপ্ৰিলত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা একেধৰণৰ দৃশ্য দেখা গ’ল। যিয়ে স্পষ্টভাৱে প্ৰমাণ কৰে যে, নিৰ্বাচনী কৰ্তব্যত নিয়োজিত কৰ্মচাৰীসকলৰ কাম কিমান কঠিন।
https://x.com/NANDANPRATIM/status/1780875442159043046
উল্লেখ্য যে, এইবাৰৰ সাধাৰণ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ ১৯ এপ্ৰিলত। এই পৰ্যায়ত মুঠ ১০২খন লোকসভা আসনত ভোটগ্ৰহণ কৰা হ’ব। নিৰাপদ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে স্পৰ্শকাতৰ অঞ্চলত নিৰাপত্তাৰক্ষীৰ হেলিড্ৰপিং কৰা হৈছে। নিৰাপত্তাৰক্ষীৰ হেলিড্ৰপত ভাৰতীয় বায়ুসেনাৰ চপাৰৰ সহায় লোৱা হৈছে।
https://x.com/NANDANPRATIM/status/1780926357523812620
কালি অনুষ্ঠিত হ’ব লগা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ কোনবোৰ আসন গুৰুত্বপূৰ্ণ- অসমৰ সৰ্বানন্দ সোণোৱাল আৰু গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি দুটা অতিকে গুৰুত্বপূৰ্ণ- ডিব্ৰুগড় আৰু যোৰহাট।
ইয়াৰ বাহিৰে কালিৰ প্ৰথম পৰ্যায়ৰ দেশৰ অন্য গুৰুত্বপূৰ্ণ সমষ্টি কেইটা হৈছে নাগপুৰ, কন্যাকুমাৰী, চেন্নাই চেণ্ট্ৰেল, মুজাফ্ফৰনগৰ, চাহাৰনপুৰ, কৈৰানা, পিলিভিত, জয়পুৰ, ছিণ্ডৱাৰা, জামুই, বস্তৰ, নৈনিতাল আৰু লক্ষদ্বীপ ইত্যাদি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ