কাউণ্টডাউন আৰম্ভ, ৫৪৩ আসনৰ যুঁজ, কোনে পৰিধান কৰিব মুকুট ?
কাউণ্টডাউন আৰম্ভ, তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত আৰোহণ কৰিব মোদীয়ে, নে ওলটফেৰ হৈ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হব কংগ্ৰেছৰ নেতা। কি হ’ব ফলাফল। কাৰ শিৰত উঠিব মুকুট। দেশৰ ৫৪৩খন লোকসভা আসনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ১ জুনত সম্পূৰ্ণ হয়। যোৱা ডেৰ-দুমাহ ধৰি নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ পিছত এতিয়া ৰাইজৰ দৃষ্টি ফলাফলৰ ওপৰত।
আজি ৰাইজৰ এই অপেক্ষাতো অন্ত পৰিব। এইবাৰ বিজেপিয়ে নিৰপেক্ষ সংখ্যাগৰিষ্ঠতাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ আত্মবিশ্বাসী হোৱাৰ বিপৰীতে কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ইণ্ডিয়ান এলায়েন্সে এগজিট প’লৰ ফলাফলৰ বিপৰীত ফলাফলৰ আশা কৰিছে।
কিছুসময়ৰ পিছতে আৰম্ভ হ’ব ভোট গণনা। ইয়াৰ পূৰ্বে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৮০ দিনীয়া এই প্ৰক্ৰিয়াৰ অন্তত ৫১টা দলৰ ৮৩৬০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব। ৭টা পৰ্যায়ত ৫৪৩খন আসনত ভোটদান কৰি আজি আহি আছে লোকসভা নিৰ্বাচনৰ ফলাফল।
ইয়াৰ লগে লগে দেশৰ সিংহাসন তথা প্ৰধানমন্ত্ৰীৰ আসন কোনে দখল কৰিব সেয়া স্পষ্ট হৈ পৰিব। এফালে এন ডি এ আৰু আনফালে ইণ্ডিয়া এলায়েন্স, যদিও এগজিট প’লত আকৌ এবাৰ মোডী চৰকাৰৰ উভতি অহাৰ ভৱিষ্যদ্বাণী কৰা হৈছে।
পুৱা ৮ বজাৰ পৰা নিৰ্বাচন আয়োগে ভোটগণনা আৰম্ভ কৰিব। প্ৰথমে ডাক বেলট গণনা কৰা হ’ব আৰু তাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ’ব। লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হ’ব আজি।
এগজিট প’লৰ মতে আকৌ এবাৰ মোডী চৰকাৰ আহিব, কিন্তু বিজেপিয়ে কৈ থকা এইবাৰ ৪০০ পাৰ হোৱাৰ আশা কম। এগজিট প’লৰ মূল্যায়ন অনুসৰি এন ডি এয়ে ৩৬০ৰ ওচৰা-ওচৰি, ইণ্ডিয়া এলায়েন্সে ১৫০ৰ ওচৰা ওচৰি আসন আৰু আন অন্যান্য দলে ৩২খন আসন পোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, লোকসভাত মুঠ ৫৪৩খন আসৰ ভিতৰত সংখ্যাগৰিষ্ঠতা লাভৰ বাবে ২৭২খন আসনৰ প্ৰয়োজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ