ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন, কোন তাৰিখে হ’ব ভোট…
আজি ১৬ মাৰ্চ তাৰিখে ঘোষণা হ’ল লোকসভা নিৰ্বাচনৰ দিন। ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন।
১৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। প্ৰথম পৰ্যায়ত ২১ ৰাজ্যত ভোট। অসমতো ১৯ তাৰিখে ভোটগ্ৰহণ।
২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট। দ্বিতীয় পৰ্যায়ত ৩০ ৰাজ্যত ভোটগ্ৰহণ।
৭ মে’ত তৃতিয় আৰু ১৩ মে’ত চতুৰ্থ পৰ্যায়ৰ ভোট। ৪ জুনত ভোটগনণা।
সংবাদমেলযোগে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত হৈছে এই সংবাদমেল। সংবাদমেলত উপস্থিত নৱ-নিযুক্ত দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সান্ধু আৰু জ্ঞানেশ কুমাৰো।
নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে দেশজুৰি বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি। এইবাৰো কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন।
মুঠ ৭ টা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ২০১৯ৰ লোকসভা নিৰ্বাচনো ৭টাকৈ পৰ্যায়ত অনুষ্ঠিত হৈছিল।
একেখন সংবাদমেলতে ৪ ৰাজ্যৰো বিধানসভা নিৰ্বাচনৰো দিন ঘোষণা কৰে। অহা ১৩ তাৰিখে অনুষ্ঠিত হ’ব অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, চিকিম আৰু উৰিষ্যাৰ বিধানসভা নিৰ্বাচন।
উল্লেখ্য যে, এইবাৰৰ লোকসভা নিৰ্বাচনত মুঠ ৯৭ কোটি ভোটাৰ আছে। ইয়াৰে ১.৮২ কোটি নতুন ভোটাৰে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। মুঠ ভোটাৰৰ পুৰুষ ৪৯.৭ কোটি আৰু মহিলা ৪৭.১ কোটি।
তাৰোপৰি এইবাৰ ব্যৱহাৰ কৰা হ’ব ৫৫ লাখ ই ভি এম। ১০.৫ লাখ ভোটকেন্দ্ৰত হ’ব ভোট।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ