পূৰ্বে কাহানিও নোহোৱা ঘটনা, এইটো সমষ্টিত প্ৰায় ২ লাখ ভোট পৰিল নোটাত
কাক ভোট দিম, পছন্দৰ নেতা নথকাত নোটাত ভোট। এইবাৰৰ নিৰ্বাচনত এক ভিন্ন ছবি প্ৰকট হৈ উঠিছে। বহু লোকে ভোট দিলে নোটাত। কোনো সমষ্টিত আকৌ প্ৰাৰ্থীতকৈয়ো অধিক ভোট পৰিল নোটাত।
প্ৰাৰ্থীৰ তুলনাত নোটাত উঠিল অধিক ভোট। দেশৰ বিভিন্ন সমষ্টিত হাজাৰ হাজাৰ ভোট নোটাত পৰাৰ উপৰি কেৱল এটা সমষ্টিতে নোটাত ভোট পৰিল প্ৰায় ২ লাখ ভোট পৰিল নোটাত। বিয়লি ২ বজালৈ গণনা কৰাতেই ওলাল ১ লাখৰো অধিক ভোট।
সেই সমষ্টিটোত ১৪গৰাকীকৈ প্ৰাৰ্থী থকাৰ পাছতো এজনো ভাল তথা পছন্দৰ প্ৰাৰ্থী লাভ নকৰি জনসাধাৰণে ১ লাখ ৯৬ হাজাৰ ৯শ ৩ টা ভোট দিলে নোটাত।
মধ্যপ্ৰদেশৰ ইন্দোৰত দেখা পোৱা গল এই দৃশ্য। তাকো ভোটগণনা প্ৰক্ৰিয়া শেষ নহওতেই এই ফলাফলে এক ভিন্ন দৃশ্যহে প্ৰকট কৰিছে।
কেৱল ইন্দোৰতেই নহয় দেশৰ অন্য ঠাইৰ লগতে অসমতো কেউটা সমষ্টিতে বহু পৰিল নোটাত। অসমৰ ক্ষেত্ৰত চাবলৈ গলে-
বৰপেটা- ৭৯৭৮ ভোট,
দৰং-ওদালগুৰি- ১৩,৬০২ ভোট
ধুবুৰী- ৭১২৪ ভোট
ডিব্ৰুগঢ়- ২৫০৪২ ভোট
ডিফু- ৮৫৯৬ ভোট
গুৱাহাটী- ৯৯৪৩ ভোট
যোৰহাট- ১০১৯৬ ভোট
কৰিমগঞ্জ- ৫৮৭ ভোট
কাজিৰঙা- ১৩০৫৫ ভোট
কোকৰাঝাৰ- ৬১৭৫ ভোট
লক্ষিমপুৰ- ১২৫২৬ ভোট
নগাঁও- ৪৭৫৬ ভোট
শিলচৰ- ৫৩৯৭ ভোট
শোণিতপুৰ- ১১৬৮৫ ভোট
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ