অসম লাইভ২৪ঃ ১৮ জুলাইৰ পৰা আৰম্ভ হৈছে শাওন মাহ। পঞ্জিকা অনুসৰি এই বছৰ শাওন মাহ বিশেষ। কাৰণ এইবাৰ শাওন মাহ মলমাহ পৰিছে। শাওন মাহত নিয়মিত শিৱলিংগত পানী ঢলা, বেলপাত, ধতুৰা, ভাং, আকন্দ ফুল, গাখীৰ, দৈ, মৌ আদি নিবেদন কৰিব পাৰে। এইধৰণে শিৱক অৰ্পণ কৰিলে পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পায়। এনেকৈ পানী ঢালিলে জীৱনত প্ৰচুৰ উন্নতি হয়।
শাওন মাহৰ উপৰিও অন্যান্য সময়ত শিৱলিংগত জলাভিষেক কৰিলে বিশেষ সুফল পোৱা যায়। শিৱ লিংগত জলাভিষেক কৰাৰ পাছত সেই পানী আঙুলিৰে তুলি শৰীৰত ঘঁহিলে শনি, ৰাহু, কেতুসহ অন্যান্য গ্ৰহৰ পৰিস্থিতি মজবুত হয়। ইয়াৰোপৰি ব্যক্তি এগৰাকীয়ে সুখ-সমৃদ্ধি আৰু সৌভাগ্য লাভ কৰিবলৈ হ’লে শৰীৰৰ কেইটামান অংগত এই জলাভিষেকৰ পানী লগাব পাৰে।
শৰীৰৰ কোন তিনিটা অংগত এই পানী লগালে সমৃদ্ধি আহে?
শাওন মাহ আৰু অন্যান্য সময়ত শিৱলিংগত অৰ্পণ কৰা পানী শৰীৰত ল’ব পাৰে। শিৱ পুৰাণ অনুসৰি শিৱলিংগত পানী অৰ্পণ কৰাৰ পাছত আঙুলিৰে সেই পানী স্পৰ্শ কৰি চকু, মুখ, মুৰ আৰু কণ্ঠত লগাবলৈ নাপাহৰিব।
শিৱলিংগত নিবেদন কৰা পানী শৰীৰত লগালে কি লাভ হয়?
শিৱপুৰাণ অনুযায়ী শৰীৰৰ তিনিটা অংগ চকু, মুৰ আৰু কণ্ঠ অত্যন্ত জৰুৰী। এই তিনিটা অংগত শিৱলিংগত ঢলা লগালে সাফল্য লাভ কৰাৰ লগতে সমাজত তেঁওৰ মান সন্মান বৃদ্ধি পায়। ইয়াৰোপৰি ধনো বাঢ়ে ব্যক্তিজনৰ ঘৰত। জ্যোতিষ শাস্ত্ৰমতে গ্ৰহৰ ৰজা হৈছে সূৰ্য। চকু আৰু তেজত মঙ্গলৰ প্ৰভাৱ থাকে। জীভা, দাঁতত বুধ আৰু মুৰৰ ওপৰত থাকে ৰাহুৰ প্ৰভাৱ। কণ্ঠত থাকে কেতুৰ প্রভাৱ। সেয়ে এইকেইটা অংগত জলাভিষেকৰ পানী লগালে সুফল পোৱা যায়।
শিৱলিংগত কেনেকৈ পানী ঢালিব?
শিৱলিংগত পানী ঢলাৰ কিছুমান বিশেষ নিয়ম আছে। শাস্ত্ৰমতে উত্তৰফালে মুখ কৰি শিৱলিংগত পানী অৰ্পণ কৰা উচিত। তাম, কাঁহ আৰু ৰূপৰ পাত্ৰৰে পানী ঢালিব লাগে। শিৱলিংগত পানী ঢলাৰ পাছতেই গণেশক আৰু কাৰ্তিকক পানী ঢালিব লাগে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ