অসম লাইভ২৪ঃ মণিপুৰৰ হিংসাজৰ্জৰিত এলেকা পৰিদৰ্শন কৰা ২১ জনীয়া বিৰোধী গোট তথা ইণ্ডিয়াৰ সাংসদৰ এটা দলে লগ কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূক। বুধবাৰে পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ইণ্ডিয়াৰ সদস্যকেইজনে। ৰাষ্ট্ৰপতিৰ সন্মুখত মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা অৱগত কৰিবলৈকে লগ কৰিব দলটোৱে। ইয়াৰপূৰ্হে মঙলবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বিৰোধীগোটৰ হৈ হিংসাজৰ্জৰিত মণিপুৰৰ প্ৰসংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ সৈতে আলোচনাৰ বাবে এক আৱেদন জনাইছিল।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে টুইটযোগে কয়, ‘২৯-৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰি অহা বিৰোধী দলসমূহৰ ২১ জন সাংসদে বুধবাৰে অৰ্থাৎ ২ আগষ্টৰ পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব। এই সাক্ষাৎকাৰত ‘ইণ্ডিয়া’ৰ কেইবাজনো সদস্য উপস্থিত থাকিব। এই সাক্ষাৎকাৰৰ জৰিয়তে বিৰোধী নেতাসকলে মণিপুৰৰ হিংসা বন্ধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বিষয়টো ৰাষ্ট্ৰপতিৰ সন্মুখত উত্থাপন কৰিব আৰু বিষয়টোত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচৰাৰ সম্ভাৱনা। বিৰোধী ইণ্ডিয়া গোটে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক বৰ্খাস্ত কৰাৰো দাবী ৰাখিব পাৰে।
এলায়েন্স অৱ বিৰোধী দলৰ(ইণ্ডিয়া)ৰ ২১ জনীয়া সাংসদৰ এটা প্ৰতিনিধি দলে ২৯ জুলাইত দুদিনীয়া ভ্ৰমণৰ বাবে মণিপুৰলৈ গৈছিল। প্ৰতিনিধি দলটোৱে এই ভ্ৰমণ সামৰি দিল্লীত উপস্থিত হৈ দিয়া এক সাক্ষাৎকাৰত কয় যে, বিগত তিনি মাহ ধৰি মণিপুৰত চলি থকা জাতিগত হিংসাৰ শীঘ্ৰে সমাধান নকৰিলে ই দেশত নিৰাপত্তাৰ সমস্যাও সৃষ্টি কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ