অসম লাইভ ২৪ঃ ‘তাইক মোলৈ বিয়া দিবই লাগিব, প্ৰস্তাৱ মানি নোলোৱা পৰ্যন্ত আন্দোলন চলি থাকিব’- এই ভাষ্য এজন দুৰ্ভগীয়া প্ৰেমিকৰ। প্ৰেমিকাৰ পৰিয়ালে বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাৰ ঘৰৰ সন্মুখত অনশনত বহিল প্ৰেমিক বাপ্পা ঘোষ। বাপ্পা ঘোষৰ ঘৰ মানকাচৰত আৰু প্ৰেমিকাৰ ঘৰ মেঘালয়ৰ মহেন্দ্ৰগঞ্জত। বিগত ৬ মাহ ধৰি প্ৰেমৰ সম্পৰ্কত আছে দুয়োগৰাকী। প্ৰথম অৱস্থাত পৰিয়ালে দুয়োৰে বিবাহত সন্মতি জনাইছিল যদিও পাছত অমান্তি হোৱাত এনেদৰে প্ৰতিবাদত নামে যুৱকজন। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজ অৱগত হোৱাত ঘটনাস্থলীত ভিৰ কৰে বহু লোকে। পাছত প্ৰেমিকাৰ পৰিয়ালৰ লোক আহি যুৱকজনক প্ৰতিবাদৰ পৰা উঠি যাবলৈ কোৱাৰ লগতে আৰক্ষীক খবৰ দিয়ে পৰিয়ালে। ইতিমধ্যে মহেন্দ্ৰগঞ্জ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ