পুনৰ অন্য এক কৰুণ আৰু চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷ প্ৰেমিকাৰে বিচ্ছেদ সহিব নোৱাৰি এগৰাকী প্ৰেমিক যুৱকে চলন্ত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰিছে৷ প্ৰেমিক বন্ধুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ অন্য এক যুৱকৰো কৰুণ মৃত্যু ঘটিছে৷
এই শোকাৱহ ঘটনাটো কামৰূপ জিলাৰ বাইহাটা ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হ’লেও মৃত্যু হোৱা যুৱকদ্বয়ৰ ঘৰৰ দৰঙৰ বড়িগাঁৱত৷
ঘটনাৰ বিৱৰণীৰ মতে বড়িগাঁৱৰ ইক্ৰাম আলী নামৰ যুৱকজনৰ পশ্চিম দৰঙৰ বুঢ়া আৰক্ষী থানাৰ অন্তৰ্গত শালিকাঝাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে৷ ইয়াৰ পাছতে প্ৰেমিক-প্ৰেমিকা দুয়োৱে ঘৰ এৰি ডেৰ বছৰমান পূ্ৰ্বে পলায়ন কৰে৷
লগতে পঢ়ক এগৰাকী মহিলালৈ টুইটে মাতিলে বিপদ! আদালতে বিহিছে ৩৪ বছৰৰ কাৰাদণ্ড
কিন্তু সেই সময়ত দুয়ো প্ৰাপ্তবয়স্ক নোহোৱাত দুয়োটা পৰিয়ালৰ লোকে বুজাই বঢ়াই দুয়োকে নিজ নিজ ঘৰলৈ লৈ যায় আৰু দুয়োটা পৰিয়ালে প্ৰেমিক-প্ৰেমিকাক উপযুক্ত বয়সত বিবাহ কৰোৱাই দিয়া বুলিও সিদ্ধান্ত গ্ৰহণ কৰে৷
কিন্তু এই সম্পৰ্কত প্ৰেমিকাৰ পিতৃ ভিতৰি ভিতৰি সন্তুষ্ট হোৱা নাছিল৷ ইফালে যোৱা ১৩ আগষ্টত প্ৰেমিক ইক্ৰামক প্ৰেমিকাৰ সৈতে বাইহাটাত প্ৰেমিকাৰ পিতৃয়ে কৰায়ত্ত কৰি বন্দী কৰি ৰাখে৷ ইয়াৰ পাছতে প্ৰেমিকাৰ পিতৃ ইছমাইলে ইক্ৰামৰ পিতৃ নাছিৰুদ্দিনক খবৰ দিয়ে৷ পিতৃ নাছৰুদ্দিনে আহি পুত্ৰই পিন্ধি থকা টি-চাৰ্টটো ফলাছিৰা থকা দেখা পাই আচৰিত হয়৷
প্ৰেমিকাৰ পিতৃ ইছমাইলে ইক্ৰামক বাইকৰ পাছফালে বহুৱাই লৈ প্ৰতিবেশী পৰিয়ালৰ ঘৰত এখন চুক্তি পত্ৰত ইক্ৰামসহ পিতৃকো স্বাক্ষৰ কৰোৱায়৷ চুক্তি পত্ৰৰ মতে প্ৰেমিক ইক্ৰামে ভৱিষ্যতে তেওঁৰ কন্যাৰে কোনো যোগাযোগ ৰক্ষা কৰিব নোৱাৰিব৷
লগতে পঢ়ক কাৰাগাৰতে সতীৰ্থ কাৰাবন্দীক হত্যা! ১৫ গৰাকীক মৃত্যুদণ্ডৰ নিৰ্দেশ আদালতৰ
ইয়াৰ পাছতে মানসিকভাবে ভাঙি পৰে প্ৰেমিক ইক্ৰাম৷ বাইহাটাৰ ইক্ৰামে পোনে পোনে ঘৰলৈ নগৈ গুৱাহাটীতে থকা বন্ধু হাফিজুল আলীৰ ওচৰলৈ আহি পিতৃক ১৬ আগষ্টত দুয়ো একেলগে বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত বড়িগাঁৱৰ ঘৰলৈ যাব বুলি জনায়।
যোৱা মঙলবাৰে ঘৰলৈ যোৱাৰ পথত সন্ধিয়া বাইহাটা ৰে’ল ষ্টেচনৰ সমীপত নিজৰ হোৱাট্চএপত প্ৰেমিকাক উদ্দেশ্যি বিভিন্ন ষ্টেটাচ আৰু কেইবাখনো একলগে থকা ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি তীব্ৰ বেগত অহা এখন ৰে’লৰ সন্মুখত জঁপিয়াই দিয়ে প্ৰেমিক আইক্ৰামে।
চলন্ত ৰে’লৰ আগত জঁপিয়াই দিয়া ইক্ৰামক বচাবলৈ লগতে থকা বন্ধু হাফিজুলেও (২১) ৰে’লৰ আগত জঁপিয়াই দিয়ে৷ কিন্তু বন্ধুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ বন্ধু হাফিজুলেও কৰুণভাৱে মৃত্যুক সাৱটি লয়৷
ইফালে ঘটনাৰ খবৰ লাভ কৰি বাইহাটা জি আৰ পিয়ে মৃতদেহ উদ্ধাৰ কৰে। সন্ধিয়া দুয়োজন যুৱকৰ মৃতদেহ গাঁৱত পোৱাৰ লগে লগে এক শোকাকুল পৰিৱেশ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















