অসম লাইভ ২৪ঃ অসম চৰকাৰৰ নতুন ক্ৰীড়া নীতিৰ আধাৰত টকিঅ’ অলিম্পিকৰ ৰূপৰাণী লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদত নিযুক্তি দিয়ে৷ বুধবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত বক্সাৰগৰাকীক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ ইফালে এক সংবাদমেলযোগে লাভলীনাৰ এই নিযুক্তিত সন্তোষ প্ৰকাশ কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে৷ গগৈয়ে হিমা দাসৰ প্ৰসংগ টানি আনি লাভলীনা বৰগোহাঁইক চৰকাৰে ৰাজনৈতিক মুনাফাৰ বাবে ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ দেশৰ উত্থিত তাৰকাগৰাকীক অনাগত দিনত ফেশ্বন শ্ব’ত অংশগ্ৰহণ অথবা বঁটা-বাহন সম্বৰ্ধনা লৈ নুফুৰাটোৱেই মংগলজনক বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ