এসময়ত পিঠিৰ বিষ আছিল বয়স্কসকলৰ সমস্যা৷ কিন্তু এতিয়া এই যন্ত্ৰণাই সামৰি লৈছে তৰুণ প্ৰজন্মকো৷ প্ৰযুক্তি নিৰ্ভৰ জীৱনযাপন, ঘণ্টাৰ পাছত ঘণ্টা স্ক্ৰিণত চকু ৰাখি কাম কৰা আৰু শাৰীৰিক ব্যায়ামৰ অভাৱত আজিকালি প্ৰায় ২০ বছৰীয়া তৰুণৰো ৬০ বছৰীয়া ব্যক্তিৰ দৰে পিঠিৰ বিষ আৰম্ভ হৈছে৷ বিশেষজ্ঞসকলৰ মতে, অৱহেলা কৰিলে এই সমস্যাই ভৱিষ্যতে মেৰুদণ্ডৰ গুৰুতৰ ৰোগত পৰিণত হ’ব পাৰে৷
গৱেষণাত উদ্বেগজনক তথ্য
২০২৫ চনৰ ৰিচাৰ্ছগেট প্ৰতিবেদনত কোৱা হৈছে, ভাৰতত প্ৰায় ১৫ লাখ মানুহে মেৰুদণ্ডজনিত আঘাতত ভূগিছে৷ গ্লোবেল বাৰ্ডেন অফ ডিজিজ অনুসৰি ককালৰ বিষ বিশ্বজুৰি অকাল মৃত্যু আৰু কৰ্মক্ষমতা হ্ৰাসৰ অন্যতম কাৰণ৷ ভাৰতত মেৰুদণ্ডৰ আঘাতৰ সংখ্যা চীনৰ পাছতেই দ্বিতীয় স্থানত৷ ২০২৪ চনৰ এক সমীক্ষাত দেখা গৈছে ই লাৰ্নিং ডিভাইছ ব্যৱহাৰকাৰী ৬১শতাংশ স্কুলীয়া শিক্ষাৰ্থীয়ে ডিঙি আৰু পিঠিৰ বিষয় ভূগিছে৷ অন্যহাতে ৬০শতাংশ কৰ্মজীৱী মানুহে পিঠিৰ বিষত ভূগিছে৷
তৰুণসকলৰ পিঠি বিষৰ প্ৰধান কাৰণ
বাংগালুৰু মণিপাল হাস্পতালৰ মেৰুদণ্ড চাৰ্জন প্ৰধান ডাঃ বিদ্যাসাগৰ এছে কয়, ‘যদি তৰুণ বয়সতেই ক্ৰমাগত পিঠিৰ বিষ আৰম্ভ হয় তেতিয়া ৪০ বছৰত এই বিষ ৬০শতাংশ পৰ্যন্ত বাঢ়ি যাব পাৰে৷
১. ছাৰ্ভিকেল স্পণ্ডিলোচিছ(ডিঙিৰ আৰ্থ্ৰাইটিছ)
অতিৰিক্ত মোবাইল আৰু লেপটপ ব্যৱহাৰৰ ফলত ডিঙিৰ পেশী দুৰ্বল হৈ পৰে৷ এসময়ত ই ৫০ বছৰৰ পাছত দেখা গৈছিল কিন্তু এতিয়া ২০-৩০ বছৰ বয়সীয়া সকলৰ মাজতো দেখা গৈছে৷
২. অষ্টিঅ’পোৰোছিচ
ভিটামিন ডিৰ অভাৱ, অনিয়মিত খাদ্যভাষ আৰু অতিৰিক্ত ডায়েটিঙে তৰুণসকলৰ হাড় দুৰ্বল কৰিছে৷
৩. স্পাইনেল ষ্টেনোচিছ(মেৰুদণ্ডৰ কেনেল সংকোচন)
ভুল ব্যায়াম বা ভাৰোত্তোলনৰ ফলত তৰুণসকলৰ মেৰুদণ্ডৰ চাপ পৰিছে, তৈয়াৰ হৈছে বিষ আৰু স্নায়ুৰ সমস্যাৰ৷
৪. ফেছেট জয়েণ্ট আৰ্থ্ৰাইটিছ
অতিৰিক্ত ওজন আৰু অনিয়ন্ত্ৰিত জীৱনযাত্ৰা তৰুণসকলৰ আথ্ৰাইটিছৰ আশংকা বঢ়াইছে৷
৫. মেৰুদণ্ডৰ ডিস্ক ক্ষয় হৈছে
অফিচত ঘণ্টাৰ পাছত ঘণ্টা বহি থকা, ব্যায়ামৰ অভাৱ আৰু স্থুলতাই মেৰুদণ্ডৰ ডিস্ক ক্ষয় কৰিছে যি বিষৰ মূল কাৰণ৷
কেনেকৈ মেৰুদণ্ডক সুস্থ ৰাখিব?
একে স্থানত দীৰ্ঘক্ষণ বহি থকাই নহয়, বৰং শৰীৰক সক্ৰিয় ৰখা আৰু সুষম জীৱনযাপনেই মেৰুদণ্ডৰ স্বাস্থ্য ৰক্ষা কৰে৷ দিনত কেইবাবাৰো অৱস্থান পৰিবৰ্তন কৰক৷ কেতিয়াবা বহি আৰু কেতিয়াবা ঠিয় হৈ থাকক৷ মাজে মাজে খোজকাঢ়ক৷ প্ৰতিদিনে কিছু এক্সাৰছাইজো কৰক৷ সঠিক চেয়াৰ আৰু ডেস্ক ব্যৱহাৰ কৰক যাতে পিঠিত চাপ নপৰে৷ গধুৰ বস্তু ওঠাওতে সাৱধান হওক৷ যদি ঘনে ঘনে বিষ, ঝিনঝিননি অনুভৱ কৰে অবিলম্বে চিকিৎসকৰ পৰামৰ্শ লওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















