সাধাৰণতে এজন মানুহৰ আয়ৰ কিমান শতাংশ সঞ্চয় কৰা উচিত সেয়া নিৰ্ভৰ কৰে তেওঁৰ আয় আৰু অৱশ্যম্ভাৱী ব্যয়ৰ ওপৰত৷ কোনোৱে যদি তেওঁৰ আয়ৰ মোটামুটি এক চতুৰ্থাংশ অৰ্থ নিয়মিত সঞ্চয়ৰ অভ্যাস কৰিব পাৰে তেনেহলে অৱসৰৰ পৰবৰ্তী জীৱনত অভাৱত নপৰে৷ কেনেকৈ বিনিয়োগ কৰি নিজৰ সম্পদ বৃদ্ধি কৰিব? বহুতেই সেয়া বুজিব নোৱাৰে৷ তাৰ ওপৰত উৎসৱ, অনুষ্ঠান আদিও থাকে৷ সকলো খৰচ মিলি মাহৰ শেষত সঞ্চয় বুলিবলৈ একোৱেই নাথাকে৷ অভিজ্ঞ মানুহে কয় টকা জমা কৰিব নোৱৰাৰ আঁৰত আছে সঠিক পৰিকল্পনাৰ অভাৱ৷ আকৌ খৰচ হৈ যাব ভাৱি বহুতেই হাতত নগদ টকা নাৰাখে৷ কিন্তু কাৰ্ড বা অনলাইনেৰে সেই বেংকৰ টকাৰেই বিভিন্ন লেনদেন কৰি থাকে৷ এই অভ্যাসো সেয়ে ভাল অভ্যাস নহয়৷ মাহৰ শেষত সঞ্চয় বঢ়াবলৈ মানি চলিব পাৰে জাপানী পন্থা কাকেবু৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















