অষ্টম দৰমহা কমিছনৰ অপেক্ষা আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মীসকলৰ৷ পেঞ্চন বঢ়াৰ আশাত আছে কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীও৷ ইতিমধ্যেই টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন দিছে মোদী মন্ত্ৰিসভাই৷ অষ্টম বেতন কমিছন কাৰ্যকৰী হলে দৰমহা বহু পৰিমাণে বাঢ়িব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ৷
কি কি ফেক্টৰক বিবেচনাত ৰখা হ’ব?
অষ্টম বেতন কমিছনত একাধিক ফেক্টৰক বিবেচনা কৰি দৰমহা বৃদ্ধি কৰা হ’ব৷ জানি থওক সেই ফেক্টৰসমূহ কি কি?
১. দেশৰ অৰ্থনৈতিক অৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰে এই খৰচ কেনেকৈ বহন কৰিব৷
২. উন্নয়ন আৰু জনকল্যাণৰ কাম চলাই যাবলৈ পৰ্যাপ্ত অৰ্থৰ ব্যৱস্থা নিশ্চিত কৰাটো প্ৰয়োজন৷
৩. অবদানবিহীন পেঞ্চন প্ৰকল্পসমূহৰ অনুদানপ্ৰাপ্ত খৰচ
৪. ৰাজ্য চৰকাৰৰ আৰ্থিক পৰিস্থিতিৰ ওপৰত সম্ভাব্য প্ৰভাৱঃ সাধাৰণতে ৰাজ্য চৰকাৰসমূহে কিছু পৰিবৰ্তন বা সংশোধন কৰি কেন্দ্ৰৰ চৰ্তসমূহ গ্ৰহণ কৰে৷ ফলত এই চৰ্তসমূহ বাস্তৱায়ন ৰাজ্যৰ অৰ্থনীতিৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলাব সেয়াও গুৰুত্বপূৰ্ণ বিবেচ্য বিষয়৷
৫. বৰ্তমান কেন্দ্ৰীয় পাব্লিক চেক্টৰ ইউনিট আৰু বেচৰকাৰী সংস্থাসমূহৰ কৰ্মচাৰীসকলৰ যি দৰমহা, সুযোগ সুবিধা আৰু কামৰ পৰিবেশ আছে সেয়াও তুলনামূলকভাৱে বিবেচনাত ৰখা হব৷
8th Pay Commission ত টাৰ্মছ অফ ৰেফাৰেন্স কি?
কেন্দ্ৰীয় মন্ত্ৰি অশ্বিনী বৈষ্ণৱৰ প্ৰাথমিক ঘোষণাৰ ১০ মাহৰ পাছত অষ্টম পে কমিছনৰ টাৰ্মছ অফ ৰেফাৰেন্সত অনুমোদন দিছে মন্ত্ৰিসভাই৷ মন্ত্ৰীয়ে বৈষ্ণৱে নিশ্চিত কৰিছিল যে ২০২৫ চনৰ জানুৱাৰীৰ পৰা অষ্টম দৰমহা কমিছন গঠন কৰা হৈছে৷ টাৰ্মছ অফ ৰেফাৰেন্স হৈছে পে কমিছনৰ কাৰ্যপৰিধি আৰু দায়িত্ব নিৰ্ধাৰণ কৰি দিয়ে টাৰ্মছ অফ ৰেফাৰেন্স বা ToRয়ে৷ ToR-য়ে ই পে কমিছনৰ কামৰ দিশা ঠিক কৰি দিয়ে, কোন বিষয়সমূহ পৰ্যালোচনা কৰিব লাগিব, কোন ক্ষেত্ৰসমূহ সংশোধনৰ প্ৰস্তাৱ দিব লাগিব সকলোবোৰ এই নথিৰ ওপৰত নিৰ্ভৰ কৰে৷
অষ্টম দৰমহা কমিছনত কোন কোন লাভৱান হ’ব?
অষ্টম দৰমহা কমিছনৰ ফলত লাভাম্বিত হব ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী৷ ইয়াৰোপৰি প্ৰায় ৬৫ লাখ পেঞ্চনভোগীৰ পেঞ্চন বাঢ়ি যাব৷ সেনা বা ডিফেন্স অৱসৰপ্ৰাপ্তসকলৰো পেঞ্চন বাঢ়িব৷ অষ্টম দৰমহা কমিছন গঠনৰ ১৮ মাহৰ ভিতৰত তেওঁলোকে চুড়ান্ত সিদ্ধান্ত জমা দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















