• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

1 week ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

12 hours ago
নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

নেমু, আদা, হালধি, নহৰু, জালুক… বিশেষ গুণসম্পন্ন এই ১০ বিধ খাদ্য খালে বিষাক্ত চৰ্বি সহজেই বাহিৰ হ’ব, লিভাৰৰ সুস্থতাৰ বাবে উপকাৰী খাদ্য কি কি?

13 hours ago
সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

সূৰ্যৰ কৃপাত ৩ ৰাশিৰ ভাগ্য সলনি হ’ব, নৱেম্বৰতেই সুসময় কাৰ কাৰ?

14 hours ago
২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

২০২৬ চনত শনি আৰু শুক্ৰ সদয় হ’ব ৪ ৰাশিত, প্ৰেমৰ পৰা কেৰিয়াৰ, লাকী কোন কোন?

15 hours ago
গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক?  ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

গ্ৰাহক আছিল হিটলাৰো, ক’লা ধন লুকুৱাবলৈ কিমান ভৰষাৰ যোগ্য ছুইচ বেংক? ছুইচ বেংকত ভাৰতীয়সকলৰ বাঢ়িছে অৰ্থৰ পৰিমাণ

16 hours ago
শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

শনিৰ আশীৰ্বাদত সুখেৰে ভৰিব জীৱন, দূৰ হ’ব চাৰে সাতিৰ প্ৰভাৱ, কৰিব লাগিব এই কাম

17 hours ago
আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

17 hours ago
নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

নেমু লগাইয়ো চুলি সৰা আৰু মূৰৰ খজুৱতি কমা নাই? নেমুৰ সৈতে মিহলাই লওক এই উপাদান, ভাল ফল পাবই

1 day ago
বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

বৃশ্চিক ৰাশিত প্ৰতিগামী হ’ব বুধ, ৫ ৰাশিৰ আৰম্ভ হ’ব সুসময়, চাকৰিত উন্নতি কাৰ কাৰ?

2 days ago
অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

অৰ্থকষ্ট শেষ নহয়? সুখ-স্বাচ্ছন্দ্যও নাই? সহজ এইকেইটা নিয়ম মানি চলক, দূৰ হ’ব বাধা, ধনসম্পদেৰে ঘৰ ভৰাই দিব লক্ষ্মীদেৱীয়ে

2 days ago
বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

2 days ago
এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

এই ভিটামিনৰ ঘাটি হ’লে মানুহে কথা পাহৰিবলৈ ধৰে, সাৱধান হওক, জানি থওক খাদ্য তালিকাত কি জৰুৰী?

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, November 9, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

editor by editor
October 30, 2025
in অপৰাধ, অসম
0
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সেইদিনা জুই, কলা ধোঁৱা আৰু মানুহৰ আৰ্তনাদে অসমৰ আকাশ ছানি ধৰিছিল৷ তেজৰ চেকুৰা সেইদিনা অ’ত-ত’ত, অসমৰ ৰাজ পথত৷ মানুহৰ মাংস অ’ত তত ছিটিকি পৰিছিল৷ চৌদিশে কেৱল শুনা গৈছিল আৰ্তনাদ৷ কিছু মুহূৰ্তৰ বাবে উশাহ-নিশাহ যেন বন্ধ হৈ পৰিছিল অসমবাসীৰ৷ চকুৰে দেখিও অসমীয়াই বিশ্বাস কৰিবলৈ টান পাইছিল আপোন মানুহবোৰে এনেদৰে চিৎকাৰ কৰিব লাগিব বুলি৷ সপোন লৈ ঘৰৰ পৰা ওলাই অহা বহু মানুহৰ জীয়া সপোন সিদিনা ৰাজ পথত চিৎকাৰ কৰি উঠিছিল।

বিস্ফোৰণৰ কলা ধোৱাই নিমিষতে চেদেলি-ভেদেলি কৰিছিল একোটা দেহ। ৰাজ পথত পৰি ৰৈছিল শৰীৰৰ মাংসৰ টুকুৰা৷৷ সিদিনা মানৱতা ধ্বংস হৈছিল৷ সেইদিনা মানুহে মানুহক ঘৃণা কৰিছিল৷ সেইদিনা মানুহে মানুহক বিশ্বাস কৰিব পৰা নাছিল৷ সেইদিনা বহু অন্তৰে ফেকুৰি উঠিছিল৷ সভ্য সমাজক সেইদিনা ইতিকিং কৰিছিল সময়বোৰে৷

নিষ্ঠুৰ হৈ পৰা সময়বোৰে সভ্য সমাজক সেইদিনা উপলুঙা কৰিছিল৷ সেইদিনাটো আছিল শীতৰ এটা বৃহস্পতিবাৰ৷ ২০০৮ চনৰ ৩০ অক্টোবৰ৷ মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গনেশগুৰি, বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাওঁ সেইদিনা কঁপি উঠিছিল বিস্ফোৰণত। উল্লেখ্য যে গুৱাহাটীৰ মুঠ তিনিটা ঠাইত,বৰপেটা ৰোডৰ ২ স্থানত, বঙাইগাওঁৰ ২স্থানত আৰু কোকৰাঝাৰৰ ২ স্থানত সংঘটিত হৈছিল বিস্ফোৰণ। এই বিস্ফোৰণত ৮১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পংগু হৈছিল ৪৭০ গৰাকীকৈ ব্যক্তি। ভয়াৱহ বিস্ফোৰণৰ স্মৃতি অসমীয়াই আজিও পাহৰিব পৰা নাই৷ পাহৰিবনো কেনেকৈ? চৌদিশে কেৱল হুৱাদুৱা, তেজ আৰু তেজ। কোনোবাই যদি পিতৃক হেৰুৱাইছে, কোনোৱে আকৌ হেৰুৱাইছে সন্তানক। এজন এজনকৈ বহুজনে হেৰুৱালে প্ৰাণ, বহুজন আকৌ পংগু হ’ল। এই ঘটনাই দেওবাৰে অৰ্থাৎ আজি ১৪ বছৰ সম্পূৰ্ণ কৰিলে। ১৪ বছৰত জানো বিষবোৰ কমিছে? আত্মীয়ক হেৰুৱাই উকা হোৱা বুকুবোৰ জানো ভৰিছে?

যি বিস্ফোৰণে কলংকিত কৰিছিল ইতিহাস৷ বিস্ফোৰণত চিৰকালৰ বাবে হেৰুৱাইছিল আপোনজনক৷ বহু নাৰীৰ কপাল উকা হৈছিল৷ বহু মাতৃৰ বুকু উদং হৈছিল৷ ৩০ অক্টোবৰক অসমীয়াই স্মৃতিৰ পৰা মচি পেলাব নোৱাৰে৷ ৩০ অক্টোবৰ আহিলেই বুকু কঁপি উঠে অসমীয়াৰ৷ বুকু কপি উঠে মহানগৰবাসীৰ৷ ভয়াবহ দিনটোৰ স্মৃতিয়ে শংকিত কৰি তোলে অসমীয়াক৷ সন্ত্ৰাসবাদৰ ভয়লগা ছবিখন মচিব নোৱাৰে অসমীয়াই৷ আপোন মানুহক হেৰুৱাৰ বেদনাত অসমীয়া আজিও ম্ৰিয়মান৷ বৰ্বৰ বোমা বিস্ফোৰণত শ-শ লোক ঘুণীয়া হৈছিল৷

ইমান নিষ্ঠুৰ কাণ্ড অসমত ইয়াৰ পুৰ্বে সংঘটিত হোৱা নাছিল৷ মানুহৰ জীৱন লোৱাৰ খেল কোনেও খেলা নাছিল৷ আপোন মানুহক হেৰুৱাৰ বেদনাত আজিও ছটফটাই থকা লোকসকলে পৃথিৱীক আন্ধাৰ বুলি ভাবিব ধৰিছে৷ ৩০ অক্টোবৰ সন্ত্ৰাসবাদীৰ বোমা-বিস্ফোৰণৰ ঘটনাৰ আঁৰত জড়িত আছিল উগ্ৰপন্থী সংগঠন এন ডিএফ বি৷ এই ধাৰাবাহিক বিস্ফোৰণৰ মূল মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ গৰাকী সদস্য। এন ডি এফ বি গোটৰ ১৫ সদস্যৰ বিৰুদ্ধে চলা গোচৰৰ ২০১৮ চনত ৰায়দান দিয়ে আদালতে। বিস্ফোৰণ সংঘটিত কৰাৰ ১০ বছৰৰ অন্তত দোষী সাব্যস্ত হয় এই ১৫ ব্যক্তি। এই বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ বাবে দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জন লোকৰ নাম। ২২ জনৰ ভিতৰত ১৫ জনক দোষী সাব্যস্ত কৰে আদালতে।

আজি ৩০ অক্টোবৰ৷ আজিৰ দিনটোতেই বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল৷ অসমৰ ৰাইজে বিস্ফোৰণত নিহত লোকসকলক শ্ৰদ্ধাঞ্জলি যাচিছে৷  বৃহস্পতিবাৰেও  এই বিস্ফোৰণত মৃত্যু হোৱা লোকসকলক সোঁৱৰি  পৰিয়ালবৰ্গৰ লগতে বিভিন্নজনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা
অসম

আপোনালোকে বেলেগক সমালোচনা কৰাতকৈ প্ৰথমে উমা চেত্ৰীক ক্ষমা খোজা উচিত বুলি নাভাবেনেঃ মন্ত্ৰী পীয়ুষ হাজৰিকা

November 8, 2025
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?
অসম

হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

November 6, 2025
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

November 6, 2025
সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’
অসম

সমগ্ৰ দেশৰ ৮০০ স্ক্ৰিণত হাউছফুল ৰৈ ৰৈ বিনালে, ৩০খন চহৰত চলি আছে জুবিন গাৰ্গৰ ১৯ বছৰে বুকুত কঢ়িয়াই ফুৰা সপোন, ‘ৰৈ ৰৈ বিনালে’

October 31, 2025
Next Post
নৱেম্বৰত দেৱগুৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী যোগ, ভাগ্য উজ্জ্বল হ’ব ৩ ৰাশিৰ

নৱেম্বৰত দেৱগুৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী যোগ, ভাগ্য উজ্জ্বল হ’ব ৩ ৰাশিৰ

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.