• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

6 months ago
গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

গৰ্ভাৱস্থাত গ্ৰীষ্মকালত ভুলতো নাখাব এইবোৰ বস্তু? সন্তান আৰু মাতৃৰ ওপৰত পৰিব প্ৰভাৱ

23 minutes ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

60 minutes ago
২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

2 hours ago
সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

সুৰাৰ ৰাগীত মাতাল যুৱক পছন্দ নেকি যুৱতীৰ? গৱেষণাত আহিছে পোহৰলৈ

3 hours ago
শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

শৌচাগাৰলৈ ফোন নিয়ে নেকি? অজানিতে বিপদক আমন্ত্ৰণ কৰিছে আপুনি!

4 hours ago
হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

হলমাৰ্কযুক্ত সোণো হ’ব পাৰে নকল? তাৰ পূৰ্বে জানক সঠিক পদ্ধতি

5 hours ago
অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

অষ্টম দৰমহা আয়োগৰ ডাঙৰ আপডেট, অৰ্থনীতিত হ’ব বৃহৎ উত্থান!

5 hours ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

1 day ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

1 day ago
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

1 day ago
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

1 day ago
শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি

editor by editor
October 30, 2025
in অপৰাধ, অসম
0
অভিশপ্ত ৩০অক্টোবৰ! বহু জীয়া সপোনে সিদিনা চিৎকাৰ কৰি উঠিছিল মহানগৰীৰ ৰাজপথত, সভ্য সমাজক ইতিকিং কৰা সময়ৰ সোঁৱৰণি
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সেইদিনা জুই, কলা ধোঁৱা আৰু মানুহৰ আৰ্তনাদে অসমৰ আকাশ ছানি ধৰিছিল৷ তেজৰ চেকুৰা সেইদিনা অ’ত-ত’ত, অসমৰ ৰাজ পথত৷ মানুহৰ মাংস অ’ত তত ছিটিকি পৰিছিল৷ চৌদিশে কেৱল শুনা গৈছিল আৰ্তনাদ৷ কিছু মুহূৰ্তৰ বাবে উশাহ-নিশাহ যেন বন্ধ হৈ পৰিছিল অসমবাসীৰ৷ চকুৰে দেখিও অসমীয়াই বিশ্বাস কৰিবলৈ টান পাইছিল আপোন মানুহবোৰে এনেদৰে চিৎকাৰ কৰিব লাগিব বুলি৷ সপোন লৈ ঘৰৰ পৰা ওলাই অহা বহু মানুহৰ জীয়া সপোন সিদিনা ৰাজ পথত চিৎকাৰ কৰি উঠিছিল।

বিস্ফোৰণৰ কলা ধোৱাই নিমিষতে চেদেলি-ভেদেলি কৰিছিল একোটা দেহ। ৰাজ পথত পৰি ৰৈছিল শৰীৰৰ মাংসৰ টুকুৰা৷৷ সিদিনা মানৱতা ধ্বংস হৈছিল৷ সেইদিনা মানুহে মানুহক ঘৃণা কৰিছিল৷ সেইদিনা মানুহে মানুহক বিশ্বাস কৰিব পৰা নাছিল৷ সেইদিনা বহু অন্তৰে ফেকুৰি উঠিছিল৷ সভ্য সমাজক সেইদিনা ইতিকিং কৰিছিল সময়বোৰে৷

নিষ্ঠুৰ হৈ পৰা সময়বোৰে সভ্য সমাজক সেইদিনা উপলুঙা কৰিছিল৷ সেইদিনাটো আছিল শীতৰ এটা বৃহস্পতিবাৰ৷ ২০০৮ চনৰ ৩০ অক্টোবৰ৷ মহানগৰীৰ পানবজাৰ, ফাচী বজাৰ, গনেশগুৰি, বৰপেটা ৰোড, কোকৰাঝাৰ, বঙাইগাওঁ সেইদিনা কঁপি উঠিছিল বিস্ফোৰণত। উল্লেখ্য যে গুৱাহাটীৰ মুঠ তিনিটা ঠাইত,বৰপেটা ৰোডৰ ২ স্থানত, বঙাইগাওঁৰ ২স্থানত আৰু কোকৰাঝাৰৰ ২ স্থানত সংঘটিত হৈছিল বিস্ফোৰণ। এই বিস্ফোৰণত ৮১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে পংগু হৈছিল ৪৭০ গৰাকীকৈ ব্যক্তি। ভয়াৱহ বিস্ফোৰণৰ স্মৃতি অসমীয়াই আজিও পাহৰিব পৰা নাই৷ পাহৰিবনো কেনেকৈ? চৌদিশে কেৱল হুৱাদুৱা, তেজ আৰু তেজ। কোনোবাই যদি পিতৃক হেৰুৱাইছে, কোনোৱে আকৌ হেৰুৱাইছে সন্তানক। এজন এজনকৈ বহুজনে হেৰুৱালে প্ৰাণ, বহুজন আকৌ পংগু হ’ল। এই ঘটনাই দেওবাৰে অৰ্থাৎ আজি ১৪ বছৰ সম্পূৰ্ণ কৰিলে। ১৪ বছৰত জানো বিষবোৰ কমিছে? আত্মীয়ক হেৰুৱাই উকা হোৱা বুকুবোৰ জানো ভৰিছে?

যি বিস্ফোৰণে কলংকিত কৰিছিল ইতিহাস৷ বিস্ফোৰণত চিৰকালৰ বাবে হেৰুৱাইছিল আপোনজনক৷ বহু নাৰীৰ কপাল উকা হৈছিল৷ বহু মাতৃৰ বুকু উদং হৈছিল৷ ৩০ অক্টোবৰক অসমীয়াই স্মৃতিৰ পৰা মচি পেলাব নোৱাৰে৷ ৩০ অক্টোবৰ আহিলেই বুকু কঁপি উঠে অসমীয়াৰ৷ বুকু কপি উঠে মহানগৰবাসীৰ৷ ভয়াবহ দিনটোৰ স্মৃতিয়ে শংকিত কৰি তোলে অসমীয়াক৷ সন্ত্ৰাসবাদৰ ভয়লগা ছবিখন মচিব নোৱাৰে অসমীয়াই৷ আপোন মানুহক হেৰুৱাৰ বেদনাত অসমীয়া আজিও ম্ৰিয়মান৷ বৰ্বৰ বোমা বিস্ফোৰণত শ-শ লোক ঘুণীয়া হৈছিল৷

ইমান নিষ্ঠুৰ কাণ্ড অসমত ইয়াৰ পুৰ্বে সংঘটিত হোৱা নাছিল৷ মানুহৰ জীৱন লোৱাৰ খেল কোনেও খেলা নাছিল৷ আপোন মানুহক হেৰুৱাৰ বেদনাত আজিও ছটফটাই থকা লোকসকলে পৃথিৱীক আন্ধাৰ বুলি ভাবিব ধৰিছে৷ ৩০ অক্টোবৰ সন্ত্ৰাসবাদীৰ বোমা-বিস্ফোৰণৰ ঘটনাৰ আঁৰত জড়িত আছিল উগ্ৰপন্থী সংগঠন এন ডিএফ বি৷ এই ধাৰাবাহিক বিস্ফোৰণৰ মূল মাষ্টাৰ মাইণ্ড আছিল এন ডি এফ বি ৰঞ্জন দৈমাৰী গোটৰ ১৫ গৰাকী সদস্য। এন ডি এফ বি গোটৰ ১৫ সদস্যৰ বিৰুদ্ধে চলা গোচৰৰ ২০১৮ চনত ৰায়দান দিয়ে আদালতে। বিস্ফোৰণ সংঘটিত কৰাৰ ১০ বছৰৰ অন্তত দোষী সাব্যস্ত হয় এই ১৫ ব্যক্তি। এই বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ বাবে দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে। চাৰ্জশ্বীটত আছিল ২২ জন লোকৰ নাম। ২২ জনৰ ভিতৰত ১৫ জনক দোষী সাব্যস্ত কৰে আদালতে।

আজি ৩০ অক্টোবৰ৷ আজিৰ দিনটোতেই বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল৷ অসমৰ ৰাইজে বিস্ফোৰণত নিহত লোকসকলক শ্ৰদ্ধাঞ্জলি যাচিছে৷  বৃহস্পতিবাৰেও  এই বিস্ফোৰণত মৃত্যু হোৱা লোকসকলক সোঁৱৰি  পৰিয়ালবৰ্গৰ লগতে বিভিন্নজনে আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?
শিক্ষা

২৮ এপ্ৰিলত ঘোষণা হ’ব HS চূড়ান্ত বৰ্ষৰ ফলাফল, কি কি ৱেবচাইটত পাৰিব চাব?

April 27, 2026
ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য
অসম

ভাৱনা শৰ্মাই লোকেশ্ব্যন বেলেগ দি নামিছিল বেলেগ ঠাইত, ৰেপিড’ চালকে দিছে কেইবাটাও বিস্ফোৰক তথ্য

April 25, 2026
স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড
অসম

স্বস্তিৰ নিশ্বাস! দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ ২০ দোষীক যাৱজ্জীৱন কাৰাদণ্ড

April 24, 2026
প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক
ভাৰত

প্ৰেমৰ জাল পাতি সৰ্বস্বান্ত কৰিলে বহু যুৱতীক, অৱশেষত আৰক্ষীৰ জালত লম্পট প্ৰতাৰক

April 21, 2026
Next Post
নৱেম্বৰত দেৱগুৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী যোগ, ভাগ্য উজ্জ্বল হ’ব ৩ ৰাশিৰ

নৱেম্বৰত দেৱগুৰু বৃহস্পতিয়ে তৈয়াৰ কৰিছে গজকেশৰী যোগ, ভাগ্য উজ্জ্বল হ’ব ৩ ৰাশিৰ

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

১ লাখৰ তললৈ নামি যাব পাৰে সোণৰ দাম, এই ৪কাৰণত সোণৰ দাম কমাৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.