জ্যোতিষশাস্ত্ৰত দেৱগুৰু বৃহস্পতিৰ গোচৰক অত্যন্ত বিশেষ বুলি ধাৰণা কৰা হয়৷ যেতিয়া বৃহস্পতিয়ে তাৰ গতি পৰিবৰ্তন কৰে তেতিয়াই ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত অনুভূত হয়৷ পঞ্জিকা অনুসৰি গুৰু বৃহস্পতি অতিচাৰি অৱস্থাত গোচৰ কৰি ১৮ অক্টোবৰত কৰ্কট ৰাশিত প্ৰৱেশ কৰিছে আৰু ৫ ডিচেম্বৰ পৰ্যন্ত তাতেই থাকিব৷ এই পৰিবৰ্তনৰ কাৰণে বৃহস্পতিয়ে প্ৰতিদিনে কোনোবা নহয় কোনোবা গ্ৰহৰ সৈতে ৰাজযোগো তৈয়াৰ কৰিছে৷
১০ নৱেম্বৰত গজকেশৰী যোগ
১০ নৱেম্বৰত দেৱগুৰু বৃহস্পতিয়ে চন্দ্ৰৰ সৈতে মিলিত হৈ গজকেশৰী যোগ তৈয়াৰ কৰিব৷ ১০ তাৰিখে দুপৰীয়া ১.০২ মিনিটত চন্দ্ৰই কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ যাৰ ফলত গজকেশৰী যোগ তৈয়াৰ হব৷ ইফালে দেৱগুৰু বৃহস্পতিয়ে ইতিমধ্যেই কৰ্কট ৰাশিত প্ৰৱেশ কৰি হংস মহাপুৰুষ ৰাজযোগ তৈয়াৰ কৰিছে৷ জানি থওক কোন কোন ৰাশিৰ জাতক এই দুটা শুভ ৰাজযোগৰ পৰা উপকৃত হব?
মেষ ৰাশি
১০ নৱেম্বৰত গজকেশৰী যোগত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে এক সুবৰ্ণ সময় আৰম্ভ হব৷ লাভজনক ব্যৱসায়িক সম্ভাৱনা আছে৷ আপুনি এক নতুন উদ্যোগ আৰম্ভ কৰিব পাৰে৷ ইয়াৰোপৰি প্ৰতিটো প্ৰচেষ্টাই লাভজনক হব৷ এই সময়ত এই ব্যক্তিসকলৰ বাবে খুবেই শুভ লক্ষণ আহিব৷ তেওঁলোকৰ আৰ্থিক অৱস্থা মজবুত হব পাৰে৷ কৰ্মক্ষেত্ৰত আপুনি ঊৰ্ধতন কৰ্মকৰ্তাসকলৰ পৰা সহায়তা পাব৷ পৰিয়াললৈ কিছু সুসংবাদ আহিব পাৰে৷ অর্থ উপাৰ্জনৰ নতুন পথ খুলিব৷
কৰ্কট ৰাশি
গজকেশৰী যোগ গঠনৰ ফলত কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উজ্জ্বল হ’ব৷ তেওঁলোকৰ সামাজিক মৰ্যাদা বৃদ্ধি পাব৷ এক গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে৷ দীৰ্ঘম্যাদি কঠোৰ পৰিশ্ৰমে ইতিবাচক ফলাফল দিব৷ যিসকলে চাকৰি কৰে তেঁওলোক উপকৃত হব৷ আয় বৃদ্ধি আপব৷ আৰ্থিক অৱস্থাৰ উন্নতি হব৷ কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনাও আছে৷
বৃশ্চিক ৰাশি
দীৰ্ঘদিনৰ আৰ্থিক আৰু মানসিক সমস্যাৰ পৰা মুক্তি পাব৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ আছে৷ এই সময়ৰ ভিতৰত কোনো অসমাপ্ত কাম সম্পন্ন হব৷ সম্পত্তিত বিনিয়োগৰ বাবে এই সময় অত্যন্ত অনুকূল হব৷ কেৰিয়াৰত উন্নতি আৰু নতুন উদ্যোগৰ সূচনাৰ সুযোগো তৈয়াৰ হব৷ আৰ্থিকভাৱে লাভজনক পৰিস্থিতিৰ উদ্ভৱ হব৷ কেৰিয়াৰত উন্নতি আৰু নতুন উদ্যোগৰ সূচনাৰ সুযোগ তৈয়াৰ হব৷ আৰ্থিকভাৱে লাভজনক পৰিস্থিতিৰ উদ্ভৱ হব৷ পৰিয়ালৰ মাজত সুসংবাদ আৰু শুভ ঘটনাৰো লক্ষণ আছে৷
(Disclaimer: ইয়াত দিয়া তথ্য সাধাৰণতে বিশ্বাস আৰু তথ্যৰ ওপৰত ভিত্তি কৰে৷ এইসমূহ তথ্য অসম লাইভ ২৪য়ে নিশ্চিত কৰা নাই৷)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















