আৰু এদিন পাছতেই আৰম্ভ হ’ব নৱেম্বৰ ২০২৫৷ আৰু নৱেম্বৰৰ আৰম্ভণিতেই গঠিত হ’ব শুভ শুক্ৰাদিত্য ৰাজযোগ৷ মাহৰ আৰম্ভণিতে আগন্তুক ২ নৱেম্বৰত তুলা ৰাশিত গোচৰ কৰিব শুক্ৰই৷ তাতেই পূৰ্বৰে পৰা অৱস্থান কৰিছে সূৰ্যই৷ ইয়াৰ ফলত ২ নৱেম্বৰৰ পৰা তুলা ৰাশিত গঠিত হ’ব শুক্ৰাদিত্য ৰাজযোগ৷ সূৰ্য আৰু শুক্ৰ, এই দুই শক্তিশালী গ্ৰহৰ মিলনত অত্যন্ত লাভৱান হব পাঁচ ৰাশিৰ জাতক৷ আগন্তুক মাহত এওঁলোকে প্ৰচুৰ অৰ্থলাভ কৰিব পাৰে৷ জানি থওক নৱেম্বৰত বিপুল অৰ্থলাভ হ’ব কোন কোন ৰাশিৰ জাতকৰ?
বৃষ ৰাশি
নৱেম্বৰ মাহত অভাৱনীয় সাফল্য আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনলৈ৷ মাহ যিমানেই আগুৱাব সিমানেই সৌভাগ্য লাভ কৰিব৷ মাহৰ দ্বিতীয়াৰ্ধত কোনো সুখবৰ পাব পাৰে৷ বিদেশত নতুন ব্যৱসায়ত প্ৰতিষ্ঠা লাভ কৰিব পাৰে৷ মাহৰ মাজভাগত আৰ্থিক লাভ হব পাৰে৷
কৰ্কট ৰাশি
নৱেম্বৰ মাহত সৌভাগ্য আহিব কৰ্কট ৰাশিৰ জাতকৰ জীৱনলৈ৷ এই মাহত আপুনি আৰ্থিকভাৱে লাভৱান হব৷ উপাৰ্জনৰ অতিৰিক্ত পথ আপোনাৰ সন্মুখত খুলি যাব৷ বিলাসিতাৰ বাবে নৱেম্বৰত ধন খৰচ কৰিব৷ প্ৰশাসনিক আৰু চৰকাৰী ক্ষেত্ৰত আপোনাৰ ক্ষমতা আৰু প্ৰতিপত্তি বাঢ়িব৷ ৰাজনীতিবিদসকলে কাঙ্খিত পদ লাভ কৰিব৷
সিংহ ৰাশি
নৱেম্বৰ মাহ শুভ হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ কৰ্মসূত্ৰে ভ্ৰমণ কৰিব পাৰে৷ যি সাফল্য আপুনি বহু দিন ধৰি লাভ কৰাৰ চেষ্টা কৰিছিল এইবাৰ সেই সাফল্য লাভ কৰিব৷ পৰিকল্পনামতে সকলো কাম সম্পূৰ্ণ কৰিব পাৰিব৷ সকলোৰে পৰা জৰুৰী সাহায্য পাব৷ সমাজত আপোনাৰ মৰ্যাদা বাঢ়িব৷
বৃশ্চিক ৰাশি
মাহৰ আৰম্ভণিতে কিছু শাৰীৰিক সমস্যা হব পাৰে বৃশ্চিক ৰাশিৰ জাতকৰ৷ সময় আগুৱাই যোৱাৰ লগে লগে সকলো সমস্যা দূৰ হব৷ ব্যৱসায়ত বৃহৎ সাফল্য অৰ্জন কৰিব পাৰে৷ প্ৰেম জীৱন ভালকৈ কটাব৷ অৰ্থলাভ হোৱাৰ যোগ আছে৷ দাম্পত্য জীৱনলৈ সুখ আৰু শান্তি আহিব৷
ধনু ৰাশি
শুক্ৰাদিত্য ৰাজযোগৰ প্ৰভাৱত আগন্তুক মাহত উন্নতি কৰাৰ একাধিক সুযোগ পাব ধনু ৰাশিৰ জাতকে৷ নিজৰ বুদ্ধি খটুৱাই প্ৰতিকূল পৰিস্থিতিকো আপুনি নিজৰ অনুকূলত পৰিবৰ্তিত কৰিব পাৰে৷ মাহৰ আৰম্ভণিতেই কেৰিয়াৰত ডাঙৰ সাফল্য লাভ কৰিব পাৰে৷ নতুন চাকৰি লাভৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















