নতুন সপ্তাহৰ প্ৰথম দিনটো কেনে যাব আপোনাৰ? ১০ মাৰ্চ সোমবাৰ জ্যোতিষমতে কেইটামান ৰাশিৰ বাবে শুভ দিন। চাকৰি, ব্যৱসায় আৰু সম্পৰ্কৰ ক্ষেত্ৰত কাইলৈ শুভ ফল পাব কেইটামান ৰাশিৰ জাতকে। কঠোৰ পৰিশ্ৰমৰ ফল পাব লগতে বিশেষ কামো সম্পন্ন হব। যদি আপোনাৰ ৰাশিও এই ৫ৰাশিৰ ভিতৰত আছে তেন্তে কাইলৈ সাফল্যৰ খবৰ লাভৰ বাবে আজিয়েই সাজু হওক আপুনিও।
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে ১০ মাৰ্চ অত্য়ন্ত শুভ দিন হব। কাইলৈ আপুনি পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব আৰু আপোনাৰ উদ্যোগত সফল হব। যদি আপুনি নতুন কোনো ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাৱিছে তেন্তে কাইলৈ দিনটো শুভ। আৰ্থিক অৱস্থাৰ উন্নতি হব আৰু ৰৈ থকা অৰ্থ উভতাই পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন ভালে থাকিব আৰু আপোনজনৰ পূৰ্ণ সমৰ্থন পাব।
বৃষ ৰাশি
বৃষ ৰাশিৰ জাতকৰ বাবে এই দিনটো অৰ্থনৈতিকভাৱে সচ্ছল দিন হব। যদি আপুনি কাৰোবাক ঋণ দিছে তেন্তে সেই ধন উভতাই পাব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ আহিব। কাইলৈ আপুনি কোনো সুসংবাদ পাব পাৰে। যি সু সংবাদে আপোনাৰ জীৱনলৈ সুখ কঢ়িয়াই আনিব। পাৰিবাৰিক শান্তি বৰ্তি থাকিব আৰু মানসিকভাৱে পাতল অনুভৱ কৰিব।
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতকৰ বাবে ১০ মাৰ্চত সাফল্য আহিবই। চাকৰি আৰু ব্যৱসায়ত ভাল ফল পাব যিয়ে আত্মবিশ্বাস বঢ়াব। যদি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব খুজিছে তেন্তে কাইলৈ দিনটো সঠিক সময়। অৰ্থ লাভৰ যোগ আছে, যিয়ে আৰ্থিক স্থিতিশীলতা বঢ়াব। কোনো অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ পাব পাৰে যি ভৱিষ্যতৰ বাবে লাভজনক হব।
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে এই দিনটো প্ৰেমময় আৰু আনন্দদায়ক হব। যদি আপুনি সম্পৰ্কত থাকে তেন্তে সেই সম্পৰ্ক আৰু দৃঢ় হব। এই দিনটোত বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল লাভ দিব। কৰ্মস্থলত আপুনি প্ৰশংসা পাব আৰু নতুন সংযোগ তৈয়াৰ হব যিয়ে কেৰিয়াৰত সহায়ক হব পাৰে। পাৰিবাৰিক পৰিবেশ আনন্দময় থাকিব আৰু আপুনি নিজকে উজ্জীৱিত অনুভৱ কৰিব।
ধনু ৰাশি
ধনু ৰাশিত জাতকৰ বাবে কাইলৈ দিনটোত ভ্ৰমণৰ সম্ভাৱনা আছে। নতুন কোনো প্ৰকল্পত সাফল॥ আহিব পাৰে যি ভৱিষ্যতৰ বাবে লাভজনক হব। যদি আপুনি শিক্ষা বা কেৰিয়াৰ সংক্ৰান্তিয় কোনো পৰিকল্পনা কৰিছে তেন্তে ভাল অগ্ৰগতি হব। এইদিনটোত আপোনাৰ ইচ্ছাপূৰণ হব পাৰে আৰু ডাঙৰ কোনো সিদ্ধান্ত লৈ আত্মবিশ্বাস অনুভৱ কৰিব। পৰিয়ালত আনন্দৰ পৰিবেশ আৰু মানসিক শান্তি লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ