আগন্তুক মাহত অৰ্থাৎ ছেপ্টেম্বৰত কেইবাটাও গ্ৰহই নক্ষত্ৰ পৰিবৰ্তন কৰিব৷ ইয়াৰ ফলত উপকৃত হব কেইবাটাও ৰাশি৷ অৱশ্যে অশুভ প্ৰভাৱো পৰিব কেইবাটাও ৰাশিৰ ওপৰত৷ মঙ্গল জ্যোতিষশাস্ত্ৰত সাহস, শক্তি, মাটি আৰু সম্পত্তিৰ কাৰক গ্ৰহ হিচাপে বিবেচিত হয়৷ মঙ্গলে যেতিয়া এটা ৰাশিৰ বা নক্ষত্ৰৰ পৰা অন্য ৰাশি বা নক্ষত্ৰত প্ৰৱেশ কৰে তেতিয়া তাৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰতেই পৰে৷ চিত্ৰা নক্ষত্ৰৰ অধিপতি স্বয়ং মঙ্গল৷ সেয়ে এই নক্ষত্ৰত মঙ্গলৰ প্ৰৱেশ খুবেই গুৰুত্বপূৰ্ণ৷ মঙ্গলে ৩ ছেপ্টেম্বৰৰ সন্ধিয়া ৬.০৪ মিনিটত চিত্ৰা নক্ষত্ৰত গোচৰ কৰিছে৷ ২৩ ছেপ্টেম্বৰৰ নিশা ৯.০৮ মিনিট পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব মঙ্গলে৷ তিনি ৰাশি মঙ্গলৰ এই গোচৰত লাভৱান হব৷
কোন কোন ৰাশিৰ কঁপালত সুখৰ জোৱাৰ আহিব?
মেষ ৰাশি
মেষ ৰাশিৰ জাতকৰ বাবে এই গোচৰ বিশেষ ফলদায়ী হব পাৰে৷ যিহেতু মঙ্গলৰ নিজস্ব ৰাশি হৈছে মেষ সেয়ে এই নক্ষত্ৰত মঙ্গলৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিব৷ কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমৰ স্বীকৃতি পাব৷ ব্যৱসায়ীয়ে ভাল লাভ কৰিব পাৰে আৰু আৰ্থিক দিশতো আপুনি লাভৱান হব৷
বৃশ্চিক ৰাশি
মঙ্গলৰ গোচৰৰ কাৰণে বৃশ্চিক ৰাশিৰ জাতকে হঠাৎ আৰ্থিক লাভ পাব পাৰে৷ সম্পত্তি বা বাহন ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ পাৰিবাৰিক সুখ বৃদ্ধি পাব আৰু জীৱনসংগীৰ সৈতে সম্পৰ্ক মধুৰ হব৷ আয়ৰ নতুন পথ খুলিব৷ আৰ্থিক অৱস্থা মজবুত হব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ বাবে এই গোচৰে শুভ সময় কঢ়িয়াই আনিব পাৰে৷ ৰৈ থকা ধন এই সময়ত লাভ কৰাৰ সম্ভাৱনা আছে৷ যিয়ে আপোনাৰ আৰ্থিক স্থিতি স্থিতিশীল কৰিব৷ কৰ্মক্ষেত্ৰত আপুনি কৰ্মৰ প্ৰশংসা লাভ কৰিব আৰু পদোন্নতিৰো সুযোগ আহিব পাৰে৷ ব্যৱসায়ীয়ে ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ পাব আৰু ভ্ৰমণৰো সম্ভাৱনা থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















