অসম লাইভ ২৪ঃ বিবাহ এক সামাজিক বান্ধোন৷ সুখে-দুখে একেলগে জীৱন কটোৱাৰ প্ৰতিশ্ৰুতিৰে এই বান্ধোনত আবদ্ধ হৈ একোহাল যুৱক-যুৱতীয়ে আৰম্ভ কৰে একোখন সংসাৰ৷ কিন্তু এই বিবাহক যেতিয়া বিবাহ বুলি নাভাবি এক ব্যৱাসয় হিচাপেহে গণ্য কৰে তেতিয়া ওলোটা হৈ পৰে সমাজ জীৱনৰ প্ৰতিচ্ছবি৷ তেনে এটা ঘটনা ঘটিছে লামডিঙত৷ অভিযোগ অনুসৰি এগৰাকী মহিলাই এবাৰ-দুবাৰ নহয় মুঠ ৪ বাৰকৈ আবদ্ধ হৈছে বিবাহপাশত৷ উদ্দেশ্য এটাই— ব্যৱসায়৷ অৰ্থাৎ এজনৰ পাছত আনজনৰ সৈতে বিয়াত বহি স্বামীৰ ধন-সম্পতি লুট কৰা৷ লামডিঙৰ মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁৰ প্ৰথম স্বামীৰ মাতৃ আৰু দ্বিতীয় স্বামীৰ পৰিয়ালে অভিযোগ কৰে যে মহিলাগৰাকীয়ে কেৱল সম্পত্তি লুট কৰাৰ স্বাৰ্থতে চাৰিবাৰকৈ বিবাহ পাশত আবদ্ধ হৈছে৷ মিহলাগৰাকীয়ে নানা প্ৰলোভনেৰে কোনো এজন যুৱকক জালত পেলাই বিয়াত বহে আৰু বিয়াৰ পিছত নানান কূট-কৌশল অৱলম্বনেৰে স্বামীৰ ধন-সম্পত্তি লুট কৰি আন এজনক টাৰ্গেট কৰে৷ দ্বিতীয় স্বামীৰ পৰিয়ালে বিজেপিৰ মহিলা মৰ্চাক এক আৱেদনৰ জৰিয়তে মহিলাগৰাকীৰ এনে ভুৱা বিবাহৰ বিষয়ে অৱগত কৰে আৰু ন্যায় বিচাৰে৷ আৱেদন পোৱাৰ পাছত ভুক্তভোগী দ্বিতীয় স্বামীক সহায়ৰ উদ্দেশ্যে বিজেপিৰ মহিলা মৰ্চাৰ কাৰ্যকৰ্তাই আগবাঢ়ি আহে৷ তেনেক্ষেত্ৰত ওভতগোৰে নাছে মহিলাগৰাকীয়ে৷ মহিলাগৰাকীয়ে ৪-৫ জন যুৱকক লগত লৈ মহিলা মৰ্চাৰ কাৰ্যকৰ্তাক লাঠী, ফলা বাঁহেৰে আক্ৰমণ কৰে৷ মহিলাগৰাকীৰ এনে কাৰ্যত হতভম্ব হৈ পৰে স্থানীয় ৰাইজ৷ এতিয়াই এই ঘটনাই কি ৰূপ লয়, সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ