দুসময় শেষ হোৱা নাই বলীউড অভিনেতা ছেঈফ আলি খানৰ৷ মধ্যপ্ৰদেশ চৰকাৰে শীঘ্ৰেই শত্ৰু সম্পত্তি আইনৰ অধীনত অভিনেতা ছেঈফৰ পাৰিবাৰিক সম্পত্তি দখল কৰিব পাৰে৷ বৰ্তমান সেই সম্পত্তিৰ বজাৰমূল্য প্ৰায় ১৫ হাজাৰ কোটি টকা৷ ২০১৫ চনৰ পৰা এই সম্পত্তিৰ ওপৰত দখল কৰাৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছিল ভোপাল হাইকৰ্টে৷ ২০২৪ চনৰ ১৩ ডিচেম্বৰত হাই কৰ্টে ছেঈফৰ আবেদন খাৰিজ কৰি দি স্থগিতাদেশো তুলি লৈছে৷ ইয়াৰ ফলত মধ্যপ্ৰদেশ চৰকাৰে কোনো বাধা নোহোৱাকৈয়ে ছেঈফৰ সম্পত্তি বাজেয়াপ্ত কৰিব পাৰে৷
২০১৪ চনত মধ্যপ্ৰদেশ চৰকাৰে ঘোষণা কৰিছিল যে ভোপালৰ শেষ নবাবৰ সম্পত্তি ১৯৬৮ চনৰ শত্ৰু সম্পত্তি আইৰ অধীনত অধিগ্ৰহণ কৰা হ’ব৷ ২০১৫ চনত হাই কৰ্টত এই সন্দৰ্ভত আবেদন কৰে ছেঈফে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্ততো স্থগিতাদেশ দিয়ে হাইকৰ্টে৷ বিগত ১৩ ডিচেম্বৰত সেই নিৰ্দেশনা তুলি লোৱা হয়৷ সম্পত্তি পুনৰোদ্ধাৰৰ আপিল ট্ৰাইবুনেলত যোৱাৰ বাবে ছেঈফ আৰু তেওঁক পৰিয়ালক ৩০ দিন সময় দিছিল হাইকৰ্টে৷ এই সময়সীমাও পাৰ হৈ গৈছে৷ কিন্তু এতিয়াও ছেঈফৰ পৰিয়ালে কোনো আবেদন কৰা নাই৷
সূত্ৰৰ খবৰ অনুসৰি ভোপালৰ কোহেফিজাৰ পৰা চিকলোৰ পৰ্যন্ত বিস্তৃত সম্পত্তি আছে ছেঈফৰ৷ যাৰ আনুমানিক বজাৰ দৰ ১৫ হাজাৰ কোটি টকা৷ ভোপালৰ শেষ নবাব আছিল হামিদুল্লাহখাল৷ ছেঈফ তেওঁকেই পৰিনাতি৷ হামিদুল্লাহৰ কন্যা আবিদা ছুলতানে ১৯৫০ চনৰ পৰা স্থায়ীকৈ পাকিস্তানত বসবাস কৰি আছে৷ কিন্তু তেওঁলোকৰ সকলো সম্পত্তি ভাৰততেই থাকি যায়৷ ১৯৬৮ চনত পাছ হয় শত্ৰু সম্পত্তি আইন৷ এই আইন অনুসৰি যিসকল লোকে ১৯৪৭ চনত দেশ ভাগৰ পাছত পাকিস্তান বা চীনলৈ গুচি গৈছে তেওঁলোকৰ মাটি, ঘৰ শত্ৰুৰ সম্পত্তি বুলি চিহ্নিত কৰা৷ অৰ্থাৎ স্থায়ীভাৱে পাকিস্তান আৰু চীনলৈ গুচি যোৱা ভাৰতীয়ৰ সম্পত্তিত তেওঁলোকৰ বংশধৰসকলৰো কোনো অধিকাৰ নাথাকিব৷ চৰকাৰে সেই সম্পত্তি বাজেয়াপ্ত কৰি বিক্ৰিও কৰিব পাৰে৷ ছেঈফৰ সম্পত্তিও শত্ৰুৰ সম্পত্তি বুলি চিনাক্ত হোৱাৰ বাবে তেওঁৰো সম্পত্তি চৰকাৰে বাজেয়াপ্ত কৰাৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ