অসম লাইভ ২৪ঃ জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ৰ প্ৰখ্যাত অভিনেতা সতীশ ক’লৰ মৃত্যু। কোভিডত আক্ৰান্ত হৈ শনিবাৰে মৃত্যুবৰণ কৰে অভিনেতাগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৪ বছৰ। মৃত্যুৰ ৬ দিন পূৰ্বে জ্বৰত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈছিল সতীশ ক’ল। সতীশ ক’লৰ আকস্মিক মৃত্যুত শোকস্তব্ধ অনুৰাগী। ‘মহাভাৰত’ ধাৰাবাহিকত ইন্দ্ৰ চৰিত্ৰত অভিনয় কৰিছিল সতীশ ক’লে। ২খন বলীউড ছবিৰ লগতে ৩০০খন পঞ্জাৱী ছবিত অভিনয় কৰিছে অভিনেতাগৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















