• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ জন্ম হৈছিল মহাদেৱৰ? মহাদেৱৰ জন্মত ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা কি?

কেনেকৈ জন্ম হৈছিল মহাদেৱৰ? মহাদেৱৰ জন্মত ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা কি?

1 year ago
ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

ৰামধেনু কিয় চিধাকৈ দেখা নাযায়? জানক ইয়াৰ আঁৰৰ কাৰণ

21 minutes ago
এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

এই ৫টা ভুল পাকঘৰত কেতিয়াও নকৰিব

38 minutes ago
আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

আগন্তুক ১৮ দিনলৈ এই ৫ ৰাশিৰ লোকৰ মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

1 hour ago
ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

ফেনৰ ব্লেডত ধূলি জমা হ’লে হব পাৰে আপোনাৰ বৃহৎ লোকচান

2 hours ago
E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

E20ৰ পিছত এইবাৰ আহি আছে E85 ইন্ধন

2 hours ago
ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

ভাৰতে লাভ কৰিব অষ্ট্ৰেলিয়াৰ ইউৰেনিয়াম

4 hours ago
বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

বিৱাহত সন্মতি দিয়াৰ আগতে নিশ্চিতভাৱে জানি লওক এই ৫টা কথা

4 hours ago
আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

আজি দাখিল হ’ব ২০২৬-২৭ বৰ্ষৰ অসম বাজেট

6 hours ago
এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

এমবাপে-ডেম্বেলেৰ যুগলবন্দীত দিশহাৰা মৰক্কো, ছেমিত ফ্ৰান্স

6 hours ago
আজিৰ দিনটো আপোনাৰ কেনে যাব?

আজিৰ দিনটো আপোনাৰ কেনে যাব?

7 hours ago
মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

মৃত্যুক জয় কৰা ষ্ট’লে ছ’লবাকেনৰ অনন্য কাহিনী

19 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

কেনেকৈ জন্ম হৈছিল মহাদেৱৰ? মহাদেৱৰ জন্মত ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা কি?

কেনেকৈ জন্ম হৈছিল মহাদেৱৰ? মহাদেৱৰ জন্মত ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা কি?

editor by editor
February 23, 2025
in Uncategorized
0
কেনেকৈ জন্ম হৈছিল মহাদেৱৰ? মহাদেৱৰ জন্মত ব্ৰহ্মা আৰু বিষ্ণুৰ ভূমিকা কি?
0
SHARES
485
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তেওঁ দেবাদিদেৱ মহাদেৱ৷ ত্ৰিলোকনাথ পৰমেশ্বৰ৷ তেওঁতকৈ শ্ৰেষ্ট কোন নাই৷ বেদব্যাসৰ বৃহৎ শিৱপুৰাণত উল্লেখ থকামতে, শিৱতকৈ শ্ৰেষ্ঠতৰ কোনো নাই৷ শ্ৰী শিৱৰ সকলোতকৈ শ্ৰেষ্ঠ৷  এই শিৱই শস্যশ্যামল বুকু স্ফীত পেট, দাড়িগোফে একাকাক ভোলানাথ৷ সভ্যতাৰ উন্মেষৰ পৰাই তেওঁ আৰাধ্য দেৱতা৷ কিন্তু পুৰাণমতে তেওঁৰ অবিৰ্ভাৱৰো আছে এক বিশেষ কাহিনী৷ সমগ্ৰ বিশ্বৰ অধিপতিজনৰ জন্ম কেনেকৈ জন্ম হৈছিল?

শিৱপুৰাণ অনুসৰি ত্ৰিদেৱ( ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ)ৰ ভিতৰত শিৱই প্ৰাচীন দেৱতা৷ তেওঁহে অন্য দেৱতাৰ সৃষ্টি কৰিছে৷ শিৱপুৰাণত সেই কথা উল্লেখ আছে৷ তেওঁ প্ৰকৃততে স্বয়ম্ভূ৷ তেওঁক কোনোৱে সৃষ্টি কৰা নাই৷ তেওঁ নিজে নিজেই উদ্ভূত হৈছে৷ যেতিয়া পৃথিৱীত সত্ত্বা নাছিল তেতিয়াও তেওঁ আছিল৷ আকৌ যেতিয়া সকলো ধ্বংস হৈ যাব তেতিয়াও তেওঁ থাকিব৷ অৱশ্যে শিৱৰ জন্মক লৈ এক লোককথাও আছে৷

ব্ৰহ্মা আৰু বিষ্ণুৰ কলহৰ পৰাই তেওঁৰ অবিৰ্ভাৱ হৈছিল৷ এবাৰ ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত কোন শ্ৰেষ্ঠ সেই লৈ তৰ্ক চলিছিল৷ বিতৰ্ক যেতিয়া তুংগত উঠে তেতিয়াই হঠাৎ অবিৰ্ভাৱ হয় এক প্ৰকাণ্ড জ্বলন্ত স্তম্ভ৷ সেই স্তম্ভৰ আৰম্ভণি কেতিয়া শেষ কেতিয়া সেই সম্পৰ্কে স্পষ্ট তথ্য অৱশ্যে নাই৷ কিন্তু সেই জ্বলন্ত স্তম্ভৰ পৰাই শোনা গৈছিল এক দৈৱবাণী৷ সুদূৰৰ পৰা ভাহি আহিছিল এক স্বৰ৷ সেই স্বৰেই দুই দেৱতাক জনাই দিছিল এই বিশেষ জ্বলন্ত স্তম্ভৰ আদি আৰু অন্ত যিয়ে বিচাৰি ওলিয়াব পাৰিব তেৱেই শ্ৰেষ্ঠ৷ এই কথা শুনাৰ লগে লগেই আকাশৰ দিশেৰে এটি হাঁহ হৈ উৰা মাৰে ব্ৰহ্মা৷ অন্যহাতে বিষ্ণুৱে মাটি খান্দি ভূগৰ্ভৰ অন্ত বিচাৰি আৰম্ভ কৰে অনুসন্ধান৷ সময় আগবাঢ়িল৷ কিন্তু এই শ্ৰেষ্ঠ স্তম্ভৰ আৰম্ভণি আৰু শেষ ব্ৰহ্মা, বিষ্ণুৱে বিচাৰি উলিয়াব নোৱাৰিলে৷ এসময়ত দুজনেই হাৰ মানি লয়৷ তেতিয়াই তেওঁলোকৰ সন্মুখত থিয় দিয়ে শিৱই৷ তেওঁলোকে যাৰ অপেক্ষাত আছিল স্বয়ং তেৱেই থিয় হয় ব্ৰহ্মা- বিষ্ণুৰ সন্মুখত৷ শিৱক দেখিয়েই ব্ৰহ্মা আৰু বিষ্ণুৱে বুজি পাই যে এই জ্বলন্ত অগ্নিকুণ্ডই শিৱ৷ শিৱৰ চিৰন্তন তথা আদি- অন্তহীন ৰূপক প্ৰত্যক্ষ কৰি তেওঁলোকে বুজিব পাৰে শিৱৰ পৰিচয়৷

শিৱ শব্দটিৰ প্ৰকৃত ব্যঞ্জনা কি?

সত্যম-শিৱম-সুন্দৰম৷ সত্য আৰু সুন্দৰৰ তেওঁ সেতু৷ সভ্যতাত শিৱ চেতনা কেতিয়া আৰম্ভ হৈছিল সেই প্ৰসংগত বহুতেই বিভিন্ন আলোচনা অব্যাহত ৰাখিছে৷  শিৱৰ চেতনা কেতিয়া আৰম্ভ হৈছিল তাৰ কোনো তথ্য নাই৷ কিন্তু নানান ৰূপান্তৰৰ মাজেৰে শিৱই আজিৰ এই ৰূপ ধাৰণ কৰিছে৷ শিৱ-কল্পনা বৈদিক যুগৰো বহু আগৰ৷ সিন্ধু সভ্যতাত মূলত মাতৃপূজাৰ প্ৰচলন থাকিলেও পুৰুষ দেৱতাও আছিল৷ তেওঁলোকৰ মাজত অন্যতম হৈছে তিনিমুখ বিশিষ্ট এক দেৱতা৷ এটা শিলত এই ৰূপ দেখা যায়৷  ত্ৰিমূখা, যোগেশ্বৰ, পশুপতি, মহাযোগী নানান নামেৰে তেওঁ পৰিচিত৷ তেওঁকেই শিৱৰ আদিৰূপ বুলি কোৱা হয়৷

বৈদিক যুগত প্ৰকৃতিৰ শান্ত স্বৰূপৰ পৰা কল্যাণময় যি চিন্তাৰ জন্ম সেই চিন্তাৰ পৰাই মঙ্গলময় চেতনাৰ প্ৰতীক শিৱৰ জন্ম৷ সংহাৰৰ দেৱতা ৰুদ্ৰ আৰু মঙ্গলময় শিৱ আমাৰ ধৰ্মবিশ্বাসৰ সৈতে একীভূত হৈ আছে৷ পৌৰাণিক সেই যুগৰ পৰাই শিৱৰ মূৰ্তিৰ ওপৰিও তেওঁৰ প্ৰতীক লিঙ্গৰ উপাসনা চলি আহিছে৷ বহুতেই শিৱলিঙ্গক অনাৰ্যৰ ভাৱনাৰ মূৰ্ত স্বৰূপ বুলিও ধাৰণা কৰা হয়৷ এই শিৱকেই আমি ঘৰে ঘৰে উপাসনা কৰো৷ তেওঁৰ পেশীবহুল জ্যোতিৰ্ময় নতুবা মূৰৰ পিছফালে জ্যোতিৰ্বলয় নাই যদিও আছে এখন দাড়িগোফেৰে একাকাৰ মুখ, ডিঙিত সৰ্প, পিন্ধনত বাঘৰ ছাল শৰীৰত কোনো আভিজাত্য নাই৷ এই সকলোবোৰৰ মাজতো মুখত এক উজ্বলতা থাকে৷ সেই উজ্বলতাই প্ৰাণ হৰি নিব পাৰে একোজন ভক্তৰ৷ এই ৰূপক আৰাধনা কৰিয়েই ভক্তই লাভ কৰে প্ৰশান্তি৷

শিৱক উপাসনা কৰোতে নীলপুজা, শিৱৰাত্ৰি ইত্যাদি ইত্যাদি বহুধৰণে উপাসনা কৰা হয়৷ মধ্যযুগৰ মঙ্গলকাব্য আৰু লোকসংস্কৃতিতো তেওঁৰ ৰূপ ভিন্ন৷ শিৱ যেন ঘৰৰ মানুহ৷ শ্মশানত শিৱ, ব্ৰাহ্মণৰ ঘৰত শিৱ, মংস্যজীৱীৰ ঘৰত শিৱ, খেতিয়কৰ ঘৰত শিৱ মুঠতে শিৱ সকলোৰে কাষত, সকলোৰে প্ৰাণত৷ প্ৰসাধনৰ নামত একো নাই, পিন্ধনৰ নামতো একো নাই৷ মূৰত জঁটা, হাতত ত্ৰিশূল, বাহন ষাঁড় দেখিয়েই মূৰ্চা গৈছিল পাৰ্বতীৰ মাতৃ তথা শিৱৰ শাহুৱেক মেনকাইয়ো৷ কিন্তু শিৱৰ মনোহৰ ৰূপ যেতিয়া তেওঁ দেখা পালে তেতিয়াই তেওঁ মোহিত হৈ আৰাধ্য দেৱতাৰ ঠাইত স্থান দিয়ে জোৱায়েকক৷ এনেকৈয়ে শিৱ ঘৰে ঘৰে জীয়াই আছে যুগে যুগে৷ সময় সলনি হৈছে৷ শিৱ মন্দিৰসমূহত আধুনিকতাৰ পৰশ কৰিছে কিন্তু শিৱ আজিও একেদৰে একেস্থানতেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ
Uncategorized

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

May 3, 2026
DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে
বাণিজ্য

DA ৰ ডাঙৰ আপডেট, অষ্টম দৰমহা আয়োগে ভাট্টা তিনিগুণ বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে

April 21, 2026
Next Post
গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত

গুৰু ৰন্ধাৱা চিকিৎসালয়ত ভৰ্তি, বেয়াকৈ আঘাতপ্ৰাপ্ত

ভাৰত-পাক খেলঃ শচীনৰ বিশ্ব ৰেকৰ্ড ভংগ কৰাৰ সুবৰ্ণ সুযোগ বিৰাটৰ হাতত, সুযোগৰ সদ ব্যৱহাৰ কৰিবনে বিৰাটে !

ভাৰত-পাক খেলঃ শচীনৰ বিশ্ব ৰেকৰ্ড ভংগ কৰাৰ সুবৰ্ণ সুযোগ বিৰাটৰ হাতত, সুযোগৰ সদ ব্যৱহাৰ কৰিবনে বিৰাটে !

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.