এইবাৰ মহাকুম্ভ মেলাৰ পৰা বিৰাট ধন আয় কৰিছে যোগী চৰকাৰে৷ দেখা গৈছে যে আয়ৰ পৰিমাণে ইতিমধ্যেই ৩ লাখ কোটি টকা উপাৰ্জন কৰিছে৷ মাৰ্কিন ডলাৰৰ হিচাপত এই টকাৰ পৰিমাণ ৩৬০ বিলিয়ন ডলাৰ৷ ভাৰতৰ অন্যতম ডাঙৰ ইভেণ্ট আছিল এইবাৰৰ মহাকুম্ভ মেলা৷ তাতেই প্ৰচুৰ টকা নিজৰ ঘৰলৈ আনিলে যোগী চৰকাৰে৷
মহাকুম্ভ হৈছে ১৪৪ বছৰৰ পাছত৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰী পৰ্যন্ত চলিব এইবাৰৰ মহাকুম্ভ মেলা৷ প্ৰয়াগৰাজৰ সৰ্বত্ৰৰে ভক্তৰ ভিৰ৷ এই ৬ সপ্তাহ ধৰি প্ৰচুৰ ভক্তই দেশ বিদেশৰ পৰা আহি ভিৰ কৰিছে৷ ইয়াৰ প্ৰভাৱ পৰিছে যোগী চৰকাৰৰ অৰ্থনীতিতো৷
মহাকুম্ভ মেলাৰ পৰা স্থানীয় ব্যৱসায়ীয়ে যি পৰিমাণৰ টকা ঘৰলৈ আনিছে শুনিলে চকু কঁপালত উঠিব আপোনাৰো৷ প্ৰয়াগৰাজ জুৰি ডেয়াৰী শিল্প, কেলেণ্ডাৰ, পাটৰ বেগ আৰু চেনিটেৰী সামগ্ৰী সবাতোকৈ বেছি বিক্ৰি হৈছে৷ মহাকুম্ভ উপলক্ষ্যে এই সামগ্ৰীসমূহৰ বিক্ৰি সকলোতকৈ বেছি৷ বৰ্তমান পৰ্যন্ত ৪০ কোটিৰো বেছি ভক্তই এইবাৰৰ মহাকুম্ভত যোগ দিছে৷ ফলত এই পৰিমানৰ টকাৰ অংকৰ লেনদেন হোৱাটোও স্বাভাৱিক৷
যোগী চৰকাৰে ধাৰণা কৰিছে এইবাৰৰ মহাকুম্ভ মেলাত ভক্তৰ সংখ্যা ৬০কোটি পাৰ হৈ যাব৷ তাতেই এই টকাৰ অংক প্ৰায় ৩ লাখ কোটি পাৰ হৈছে৷ উত্তৰপ্ৰদেশৰ অৰ্থনীতিত এই পৰিমাণৰ টকাই বিৰাট সহায়ক লৈ পৰিব সেয়া ধাৰণা কৰিছে অৰ্থনৈতিক বিশেষজ্ঞই৷
এই মেলাৰ বাবে প্ৰয়াগৰাজৰ উন্নতিৰ বাবে ৭৫০০ কোটি টকা খৰচ কৰিছে উত্তৰপ্ৰদেশৰ চৰকাৰে৷ ফ্লাইঅভাৰ, আণ্ডাৰপাছসমূহো নতুনকৈ তৈয়াৰ কৰিছে যোগী চৰকাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ