জ্যোতিষবিদে জনাইছে যে নৱগ্ৰহৰ মাজত চন্দ্ৰই এনে এক গ্ৰহ যি সকলোতকৈ দ্ৰুত ৰাশি পৰিবৰ্তন কৰে। চন্দ্ৰই এইবাৰ মিথুন ৰাশিত প্ৰৱেশ কৰিব। যাৰ ফলত মহালক্ষ্মী ৰাজযোগ নিৰ্মিত হব। ৫৪ ঘণ্টাৰ বাবে এই ৰাজযোগৰ প্ৰভাৱ থাকিব। ফলত বেছ কিছু ৰাশিৰ জাতক লাভাম্বিত হব।
কন্যা ৰাশি
এই ৰাজযোগৰ প্ৰভাৱত কন্যা ৰাশিৰ জাতকৰ কেৰিয়াৰ আৰু ব্যৱসায়ত প্ৰচুৰ লাভ আহিব। চৰকাৰী চাকৰিৰ প্ৰস্তুতি যিসকলে লৈছে তেওঁলোকে সাফল্য পাব। ব্যৱসায়ীয়ে লাভ অৰ্জন কৰিব। কোনো কামত পৰিশ্ৰম কৰিলে সুফল পাব। আকস্মিক ধনলাভৰ ওপৰিও পৈতৃক সম্পত্তি লাভ কৰিব পাৰে। প্ৰেম জীৱনৰ বাবে সময় ভাল। আত্মবিশ্বাস বৃদ্ধি হব।
তুলা ৰাশি
মহালক্ষ্মী ৰাজযোগৰ ওপৰত লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকিব। ধৰ্মীয় কামত ৰুচি বাঢ়িব তুলা ৰাশিৰ জাতকৰ। পৰিয়ালৰ সৈতে তীৰ্থ যাত্ৰাত যাব পাৰে। অবিবাহিত জাতকে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব। পিতৃ আৰু গুৰুৰ পূৰ্ণ সহযোগিতা পাব। চৰকাৰী কামত অন্যৰ সাহায্য পাব পাৰে। ধনলাভৰ যোগ তৈয়াৰ হৈছে। মেজাজ অৱশ্যে খিংখিঙিয়া হৈ থাকিব, সেয়ে সাবধানে থাকক।
কুম্ভ ৰাশি
মহালক্ষ্মী ৰাজযোগ কুম্ভ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হব। দীৰ্ঘদিন ধৰি চলি থকা অসুস্থতাৰ পৰা মুক্তি পাব। সমাজত মান সন্মান বৃদ্ধি পাব। ইয়াৰোপৰি সন্তানৰ তৰফৰ পৰা কোনো সুসংবাদ পাব পাৰে। আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব। দান পূণ্য কৰিব পাৰিব। সন্তান সুখ লাভ কৰিব এই ৰাশিৰ জাতকে।
মীন ৰাশি
মীন ৰাশিৰ জাতকে একাধিক লাভ অৰ্জন কৰিব পাৰিব। মহালক্ষ্মী যোগৰ প্ৰভাৱত এই ৰাশিৰ জাতকে পৈতৃক সম্পত্তি লাভ কৰিব। পিতৃ মাতৃৰ সহযোগিতাত অৰ্থ লাভ সম্ভৱ। আকৌ পাৰিবাৰিক জীৱনৰ বাবেও এই সময় খুবেই ভাল। মীন জাতকৰ ইচ্ছাশক্তি মজবুত হব। জীৱনত সুখ শান্তি বৰ্তি থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















