শিৱসেনাত বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। সমুখ সমৰত উদ্ধৱ থাকৰে-একনাথ সিন্দে। এনে এক পৰিস্থিতিত স্বাভাৱিকতে প্ৰশ্ন উঠে। শিৱসেনাত বিসম্বাদৰ কাৰণ কি? ইয়াৰ কাৰণ হিচাপে কেইবাটাও কাৰণ বিশ্লেষণ কৰিব পাৰি। কাৰণ এক বা ততোধিকো হ’ব পাৰে।
কাৰণ ১: হিন্দুত্ব
শিৱসেনা এটা হিন্দুত্ববাদী দল। মাৰাঠী জাতি আৰু হিন্দুত্বৰ এজেণ্ডা লৈ এখন মঞ্চ গড় দিছিল বালাচাহেব থাকৰে। বিসম্বাদী একনাথ সিন্দে শিবিৰৰ মতে হিন্দুত্ববাদী দল হিচাপে কংগ্ৰেছ আৰু NCPৰে শিৱসেনাৰ মিত্ৰতা থাকিব নোৱাৰে।
মিত্ৰতা থাকিব পাৰে মাথোঁ বিজেপিৰে হে। কংগ্ৰেছ আৰু NCPৰে মিত্ৰতা ভংগ কৰিবলৈ উদ্ধৱ থাকৰে ইচ্ছ্যুক নাছিল বাবেই হেনো এই বিসম্বাদে গা কৰি উঠিছে।
কাৰণ ২: বিজেপিৰ আগ্ৰাসন
য’ত য’ত অবিজেপি চৰকাৰ আছে সেই চৰকাৰসমূহ ভাঙি বিজেপিৰ শাসন প্ৰতিষ্ঠা কৰাটোৱে গেৰুৱা বাহিনীৰ লক্ষ্য।
ইতিমধ্যে ৰাজ্য চৰকাৰ ভঙা-পতাৰ কামত সিদ্ধহস্ত বুলি নাম অথবা বদনামো আছে বিজেপিৰ। বিজেপিয়ে মহাৰাষ্ট্ৰৰ শিৱসেনা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ ভঙাৰ বাবে কূট-কৌশল ৰচনাৰ অভিযোগ উত্থাপিত হৈছে। একনাথ সিন্দেক বিজেপিয়ে অস্ত্ৰ হিচাপে ব্যৱহাৰৰো অভিযোগ উঠিছে।
কাৰণ ৩: NCPয়ে কামত বাধা দিয়ে শিৱসেনাক
বিসম্বাদী শিবিৰে অভিযোগ আনিছে যে মহাৰাষ্ট্ৰৰ বিভিন্ন সমষ্টিত কাম-কাজৰ ক্ষেত্ৰত NCPৰ বিধায়ক তথা নেতা-কৰ্মীয়ে শিৱসেনাৰ বিধায়ক তথা নেতা-কৰ্মীক যথেষ্ট অসুবিধা দি আহিছে।
মিত্ৰজোঁটৰ নেতৃত্বত থাকি মাৰাঠী জাতিৰ স্বাভিমান বিজড়িত দল শিৱসেনাই কিয় সহ্য কৰিব NCPক। এনেধৰণৰ কথাও চলিছে।
কাৰণ ৪: একনাথ সিন্দেৰ শীৰ্ষ নেতা হোৱাৰ প্ৰৱণতা
শিৱসেনাপ্ৰধান উদ্ধৱ থাকৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী। উদ্ধৱ থাকৰে শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ পুত্ৰ।
পিতৃ বালাচাহেবৰ পাছত দলৰ শীৰ্ষ স্থানত উদ্ধৱ থাকৰে। উদ্ধৱ থাকৰে ছাৰ জে জে ইনষ্টিটিউট অৱ এপ্লাই আৰ্টছৰ স্নাতক অৰ্থাৎ BFA। উদ্ধৱ থাকৰে মুম্বাইৰ সম্ভ্ৰান্ত অঞ্চল বান্ড্ৰাৰ বাসিন্দা।
বাণ্ড্ৰাৰ মাতোশ্ৰী নামৰ বঙলাটো থাকৰে পৰিয়ালৰ বাসগৃহ। আনহাতে, বিসম্বাদী নেতা একনাথ সিন্দে মহাৰাষ্ট্ৰৰ চাতাৰাৰ লোক।
পাছত কামৰ সন্ধানত সিন্দেৰ পৰিয়ালে মুম্বাইৰ পাৰ্শ্বৱৰ্তী অঞ্চল থানেত বসতি কৰে। একনাথ সিন্দে থানেত একাদশ শ্ৰেণীলৈ পঢ়া-শুনা কৰি শিক্ষা জীৱন সাং কৰে।
নিজৰ লগতে পৰিয়ালৰ পোহপালৰ বাবে প্ৰথমে একনাথ সিন্দে কৰিছিল দিন হাজিৰা। পাছত হয়গৈ অটোৰিক্সা চালক। ১৯৮০ চনত শিৱসেনাত যোগদান। লাহে লাহে দলৰ নেতাসকলৰ লগত সম্পৰ্ক ভাল হ’বলৈ ধৰে।
শিৱসেনাৰ প্ৰতিষ্ঠাপক বালাচাহেব থাকৰেৰ সুদৃষ্টি পৰে একনাথ সিন্দেৰ ওপৰত। এনেদৰে ২০০৪, ২০০৯, ২০১৪ আৰু ২০১৯ বৰ্ষৰ নিৰ্বাচনত ৪ বাৰলৈ নিৰ্বাচিত হয় একনাথ সিন্দে।
সিন্দে PWD আৰু নগৰ উন্নয়ন দপ্তৰৰ কেবিনেট মন্ত্ৰীও আছিল। এতিয়া সিন্দেৰ লক্ষ্য হেনো শিৱসেনাৰ মূল পদ অৰ্থাৎ উদ্ধৱ থাকৰেৰ স্থান অথবা ক্ষমতা।
কাৰণ ৫: পুত্ৰ প্ৰতিষ্ঠাৰ যুঁজ
শিৱসেনা প্ৰধান তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে। ১৯৯০ চনত জন্মগ্ৰহণ কৰা আদিত্য থাকৰেৰ শিক্ষাগত অৰ্হতা BA, LLB. আদিত্য থাকৰে সম্প্ৰতি মহাৰাষ্ট্ৰ চৰকাৰৰ পৰিৱেশ আৰু পৰ্যটন দপ্তৰৰ কেবিনেট মন্ত্ৰী।
আনহাতে একনাথ সিন্দেৰ পুত্ৰ ডাঃ শ্ৰীকান্ত সিন্দে। শ্ৰীকান্ত সিন্দে এগৰাকী চিকিৎসক। শিক্ষাগত অৰ্হতা MBBS, MS অৰ্থ’পেডিক্স। ২০১৪ আৰু ২০১৯ত শিৱসেনাৰ পৰা কল্যাণ লোকসভা সমষ্টিৰ সাংসদ।
উদ্ধৱ থাকৰেৰ পুত্ৰ আদিত্য থাকৰে আৰু একনাথ সিন্দেৰ পুত্ৰ ডাঃ শ্ৰীকান্ত সিন্দে, দুয়োজনে শিৱসেনাৰ দ্বাৰা ৰাজনৈতিকভাৱে প্ৰতিষ্ঠিত। পিছে এতিয়া উদ্ধৱ থাকৰে মুকলিকৈ মন্তব্য কৰিছে যে সিন্দেৰ পুত্ৰ MP হৈছে।
মোৰ পুত্ৰলৈ ঈৰ্ষা কিয়? যদিও আদিত্য আৰু শ্ৰীকান্ত দুয়োজনেই প্ৰতিষ্ঠিত দলীয় কাম-কাজ, পৰিচালনা আদিৰ ক্ষেত্ৰত পৰিয়ালসূত্ৰেই আদিত্য থাকৰে এক ভাল স্থিতিত আছে।
হয়তো একনাথ সিন্দে যিদৰে নিজকে উদ্ধৱ থাকৰেৰ স্থানত চাব বিচাৰে, তেনেদৰেই হয়তো পুত্ৰ ডাঃ শ্ৰীকান্ত সিন্দেকো আদিত্য থাকৰেৰ স্থানত চাব বিচাৰে।
অৰ্থাৎ পুত্ৰ প্ৰতিষ্ঠাৰ যুঁজ। এইসমূহ কাৰণতে মহাৰাষ্ট্ৰত আজি মহাভাৰতৰ সূচনা হোৱা বুলি বহুলোকে ধাৰণা কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ