বিপদত মহাৰাষ্ট্ৰৰ কৃষি মন্ত্ৰী, ন্যায়ালয়ে দিলে দুবছৰৰ শাস্তি
১৯৯৫ চনত জালিয়াতি আৰু বিশ্বাসঘাটৰ গোচৰত নাচিক জিলা আদালতে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ কৃষি মন্ত্ৰী মাণিকৰাও কোকাটে আৰু তেওঁৰ ভাতৃ সুনীল কোকাটেক দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
মাণিকৰাও কোকাটেৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল প্ৰাক্তন মন্ত্ৰী টুকাৰাম দীঘোলে। মাণিকৰাওৰ বিৰুদ্ধে নথি জাল আৰু জালিয়াতিৰ অভিযোগ কৰিছিল প্ৰাক্তন মন্ত্ৰী টুকাৰামে।
সেই অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০ (প্ৰতাৰণা), ৪৬৫ (জাল), ৪৭১ (জাল নথি-পত্ৰ ব্যৱহাৰ) আৰু ৪৭ নং ধাৰাত গোচৰ ৰুজু কৰা হয়।
জাতীয়তাবাদী কংগ্ৰেছ দলৰ অজিত পাৱাৰ ফৈদৰ নেতা মাণিকৰাও কোকাটেৰ বিৰুদ্ধেও নাচিক জিলা আদালতে দুবছৰৰ শাস্তিৰ লগতে ৫০ হাজাৰ টকাৰ জৰিমনা বিহিছে।
তথ্য অনুসৰি, নিজৰ বিধায়ক পদ আৰু মন্ত্ৰী পদ বচাবলৈ মাণিকৰাও কোকাটে আজি নাছিক জিলা আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিব। যদি উচ্চ ন্যায়ালয়ে তেওঁৰ শাস্তি স্থগিত ৰাখে তেন্তে তেওঁৰ বিধায়ক আৰু মন্ত্ৰী পদ ৰক্ষা কৰিব পাৰিব, অন্যথা তেওঁক অযোগ্য ঘোষণা কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















